কলকাতাৰ পৰ্বতসম ৰান দেখি দিশহাৰা দিল্লী কেপিটেলছ : ১০৬ ৰানৰ ব্যৱধানত জয়ী নাইট ৰাইডাৰ্ছ

কলকাতাৰ পৰ্বতসম ৰান দেখি দিশহাৰা দিল্লী কেপিটেলছ : ১০৬ ৰানৰ ব্যৱধানত জয়ী নাইট ৰাইডাৰ্ছ

author-image
Asomiya Pratidin
New Update
কলকাতাৰ পৰ্বতসম ৰান দেখি দিশহাৰা দিল্লী কেপিটেলছ : ১০৬ ৰানৰ ব্যৱধানত জয়ী নাইট ৰাইডাৰ্ছ

ডিজিটেল ডেস্ক : দিল্লী কেপিটেলছৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়লাভ কৰিছে ‘কিং খান’ৰ কলকাতা নাইট ৰাইডাৰ্ছে। বুধবাৰে নিশা অনুষ্ঠিত মেচখনত পোনতে কলকাতাই বেট ধৰি দিল্লীৰ সন্মুখত বান্ধি দিয়ে পৰ্বতসম ৰানৰ লক্ষ্য।

Advertisment

মেচৰ আৰম্ভণিৰ পৰাই দিল্লীৰ বলাৰক প্ৰহাৰ কৰে নাইট ৰাইডাৰ্ছৰ বেটাৰে। অপেনিং বেটাৰ সুনীল নাৰিনে মাত্ৰ ৩৯টা বলত ৮৫ ৰান সংগ্ৰহ কৰে। তেঁওৰ এই মাৰমুখী ইনিংছটোত আছিল ৭টা বাউণ্ডেৰী আৰু সমসংখ্যক অ’ভাৰ বাউণ্ডেৰী।

আনহাতে ৰঘুবংশী আৰু আন্দ্ৰে ৰাছেলে কৰে ক্ৰমে ৫৪ আৰু ৪১ ৰান। এক কথাত কলকাতাৰ সৰহসংখ্যক বেটাৰে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে দিল্লীৰ বলাৰক। কোনো এগৰাকী বলাৰে প্ৰতিপক্ষৰ বেটাৰক প্ৰত্যাহ্বান জনাব নোৱাৰৰ ফলতে কলকাতাই ২৭২ ৰানৰ বিশাল লক্ষ্য বান্ধি দিবলৈ সক্ষম হয়।

ইফালে কলকাতাই বান্ধি দিয়া বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ আৰম্ভণিতে দিল্লীৰ বেটাৰ ৱাৰ্নাৰ আৰু পৃথ্বী শ্ব'ই মুখথেকেচা খায়। অ'পেনাৰদ্বয় ৱাৰ্নাৰ আৰু পৃথ্বীয়ে কৰে ক্ৰমে ১৮ আৰু ১০ ৰান। অৱশ্যে অধিয়ানক ঋষভ পণ্ট ৫৫ আৰু ট্ৰিষ্টান ষ্টবচে ৫৪ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলে যদিও দলৰ জয়ৰ বাবে সেই পৰ্যাপ্ত নহয়।

দিল্লীৰ প্ৰায়গৰাকী বেটাৰ আজিৰ মেচখনত ব্যৰ্থ হোৱা পৰিলক্ষিত হয়। ফলত কলকাতাই বান্ধি দিয়া বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ দিশহাৰা দিল্লীয়ে ১৬৬ ৰানতে কেউটা উইকেট হেৰুৱাই কলকাতাৰ বিৰুদ্ধে ১০৬ ৰানৰ বিশাল ব্যৱধানত পৰাজয়বৰণ কৰিব লগা হয়।

Also Read: ৬ এপ্ৰিলত বাংগালুৰুৰ বিৰুদ্ধে ৰাজস্থানৰ ‘পিংক প্ৰ’মিছ’ মেচ

KolkataKnightRiders IPL 2024