'বাটলাৰক কেনেকৈ বল কৰিব সেয়া একো বুজি পোৱা নাছিল বলাৰে'- শ্ৰেয়াস আয়াৰ

এই পৰাজয়ক শিক্ষা হিচাপে লৈছে কলকাটা নাইট ৰাইডাৰ্ছে
'বাটলাৰক কেনেকৈ বল কৰিব সেয়া একো বুজি পোৱা নাছিল বলাৰে'- শ্ৰেয়াস আয়াৰ
'বাটলাৰক কেনেকৈ বল কৰিব সেয়া একো বুজি পোৱা নাছিল বলাৰে'- শ্ৰেয়াস আয়াৰ

ডিজিটেল ডেস্কঃ আই পি এলৰ মঙ্গলবাৰৰ এখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰাস্ত হ'লেও বৰ বিশেষ চিন্তা কৰা নাই কলকাটা নাইট ৰাইডাৰ্ছে। তেওঁলোকে এই পৰাজয়ৰ পৰা শিক্ষা লৈছে। কে কে আৰৰ অধিনায়ক শ্ৰেয়াস আয়াৰৰ মতে প্ৰতিযোগিতাৰ আৰম্ভণিতে এনে পৰাজয়ো ভাল। পাছত হ'লে বেছি সমস্যাৰ সৃষ্টি হয়।

ইফালে ৰাজস্থান ৰয়েলছৰ বেটছমেন তথা মেচখনৰ অন্যতম নায়ক জছ বাটলাৰৰ প্ৰশংসাতো পঞ্চমুখ হয় শ্ৰেয়াস আয়াৰ। তেওঁৰ মতে মেচখনত ৰাজস্থান ৰয়েলছৰ বেটছমেনসকলৰ বিৰুদ্ধে ক'ত, কেনেকৈ বল কৰিব সেই বিষয়ে একো বুজি পোৱা নাছিল কে কে আৰৰ বলাৰসকলে।

মেচৰ অন্তত শ্ৰেয়াসে কয়, বাটলাৰে খুব ভাল শ্বট খেলিছিল। সব বল বেটৰ মাজত লাগিছিল। এইদৰে কোনোবাই কোবাই থাকিলে বলাৰে ক'ত বল দিব সেইটো বুজিবলৈ নোৱাৰি।আমাৰো সেয়াই হ'ল। শেষ অভাৰত বৰুণ চক্ৰৱৰ্তীক বল কৰিবলৈ দিছিলোঁ। ভাবিছিলো বলৰ গতি কম হ'লেহে যদি কিবা এটা হয়। কিন্তু বাটলাৰ যি ফৰ্মত আছিল সেই ফৰ্মৰ আগত জিকিব নোৱাৰি।

তেওঁ পুনৰ কয়, আমি ভবা নাছিলোঁ মেচখনত পৰাস্ত হম। এই পৰাজয় আমাৰ বাবে শিক্ষা। আমি বুজিব লাগিব কঠিন পৰিস্থিতিত কিদৰে বল কৰিব লাগিব। এনে মেচত বল কৰা সহজ নহয়। বেটাৰৰ পক্ষে ডাঙৰ শ্বট খেলাহে সম্ভৱ। বাটলাৰে সেয়াই কৰিলে।

ইফালে কে কে আৰৰ হৈ মাৰমুখী বেটিং কৰি শতক অৰ্জন কৰা সুনীল নাৰিনকো প্ৰশংসাৰে উপচায় দিলে শ্ৰেয়াসে। তেওঁ কয়, নাৰাইন আমাৰ দলৰ সম্পদ। যি সুযোগ পায় সেই সুযোগক সদব্যৱহাৰ কৰে। এই মেচেতো সেয়াই কৰিলে। আমি সুখী যে, তেওঁ আমাৰ দলৰ হৈ খেলে।

'বাটলাৰক কেনেকৈ বল কৰিব সেয়া একো বুজি পোৱা নাছিল বলাৰে'- শ্ৰেয়াস আয়াৰ
বিচনা তলত সোমায়ো ৰক্ষা নহ'লঃ প্ৰচণ্ড ধুমুহাত প্ৰাণ হেৰুৱালে দুগৰাকী মহিলাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in