/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1b96d04c-ac5e-449b-844f-96e3dbf5bb50/DHUMUHA_17.jpg)
বিচনা তলত সোমায়ো ৰক্ষা নহ'লঃ প্ৰচণ্ড ধুমুহাত প্ৰাণ হেৰুৱালে দুগৰাকী মহিলাই...
ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰিত অঘটন। নিশা অহা প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱত প্ৰাণ হেৰুৱালে দুগৰাকীকৈ মহিলাই। উল্লেখ্য যে, গহপুৰৰ পৰা ওদালগুৰিৰ নলবাৰীলৈ আলহী হিচাপে আহিছিল দুই মহিলা ক্ৰমে গীতা নাৰ্জাৰী (৩৫) আৰু ছমিলা নাৰ্জানী (৪০)।
দুয়োৱে অহা যোৱাৰ বাবে বাটৰ খৰচ উলিয়াবলৈ লগত বজাৰত বিক্ৰীৰ বাবে লৈ আনিছিল ভোট জলকীয়া। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। এজাক ধুমুহাই কাঢ়িলে দুয়োৰে প্ৰাণ।
নিশা শুই থকা অৱস্থাতে অহা ধুমুহাৰ সময়তে তেওঁলোকে দুয়োৱে প্ৰাণ ৰক্ষা কৰিবলৈ বিচনাৰ তলত সোমাইছিল। কিন্তু দুয়োৰে শেষ ৰক্ষা নহ'ল। এডাল প্ৰকাণ্ড গছে তেওঁলোকক হেঁচা মাৰি ধৰে।
ফলত বিচনাৰ তলতে দুয়োৱে প্ৰাণ হেৰুৱাই। পাছত আৰক্ষী, এছ ডি আৰ এফ, স্থানীয় ৰাইজ আদিয়ে দুয়ো মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
Also Read: তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ ৬১ সংখ্যক ৰঙালী বিহুৰ কাৰ্যসূচী আৰম্ভ...