খেলো ইণ্ডিয়া ১৭ বছৰ অনুৰ্ধ্ব মহিলা ফুটবল আৰম্ভ...

খেলো ইণ্ডিয়া ১৭ বছৰ অনুৰ্ধ্ব মহিলা ফুটবল আৰম্ভ...
খেলো ইণ্ডিয়া ১৭ বছৰ অনুৰ্ধ্ব মহিলা ফুটবল আৰম্ভ...

ডিজিটেল সংবাদ যোৰহাটঃ আজিৰে পৰা যোৰহাটত ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয় আৰু ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্বাৱধানত অসম ফুটবল সন্থাৰ সহযোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাটৰ কল্যাণী খেল পথাৰত ১৭ বছৰ অনুৰ্ধ্ব অস্মিতা খেলো ইণ্ডিয়া মহিলা ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হৈছে। প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হয় তিনিখন খেল।

তাৰে প্ৰথমখন খেলত যোৰহাট টাউন ক্লাব আৰু টীয়ক উপ-ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হয়। খেলখন গ'ল শূণ্যভাৱে সমাপ্ত হোৱাত দুয়োটা দলৰ মাজত লীগৰ পইন্ট সমানে ভাগ হয়।

দ্বিতীয়খন খেলত খৰিকটীয়া মহিলা ফুটবল ক্লাব তিতাবৰ আৰু বাঘজান ডায়মণ্ড ক্লাব আমগুৰি মুখামুখী হয়। এই খেলখনো নিৰ্ধাৰিত সময়ত গ'ল শূণ্যভাৱেই সমাপ্তি হোৱাত দুয়োটা দলৰ মাজতে পইন্ট সমানে ভাগ হয়।

তৃতীয়খন খেল ন-কছাৰি উপ-ক্ৰীড়া সন্থা আৰু ৰঞ্জীত ক্লাবৰ মাজত অনুষ্ঠিত হয়। খেলখনত ন-কছাৰি উপ-ক্ৰীড়া সন্থাই ৰঞ্জীত ক্লাবক ১-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইন্ট লাভ কৰে।

উল্লেখযোগ্য যে, উক্ত প্ৰতিযোগিতাখনিৰ জড়িয়তে মহিলাসকলক ফুটবলৰ প্ৰতি আগ্ৰহী আৰু উত্তৰণৰ বাবে ভাৰত চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে জানিবলৈ দিয়ে। আজি খেলসমূহ পৰিচালনা কৰে বিনোজ গগৈয়ে।

লাইনত সহায় কৰে আমিন হুছেইন শইকীয়া আৰু অম্লানজ্যাতি গগৈয়ে চতুৰ্থত প্ৰৰাণজিৎ শইকীয়াই। উল্লেখযোগ্য যে, যোৰহাট টাউন ক্লাব, ৰঞ্জিত ক্লাব, বাঘজান ডায়মণ্ড ক্লাব আমগুৰি, খৰিকটীয়া মহিলা ফুটবল ক্লাব তিতাবৰ, ন-কছাৰি মহিলা ফুটবল ক্লাব আৰু টীয়ক উপ-ক্ৰীড়া সন্থাই যোগদান কৰা প্ৰতিযোগিতাখনি আজি উদ্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন পাঞ্জা খেলুৱৈ মনুৱাৰ বেগমে।

প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ নবীন চন্দ্ৰ বড়া, দুৰ্লভ নাৰায়ন বৰুৱা, জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ চেয়াৰমেন দ্বিজেন শইকীয়া, উপ-সভাপতি চিৰঞ্জীৱ বড়া, উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ চেয়াৰমেন প্ৰদীপ নেওঁগ, জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক হেমিদুৰ ৰহমানৰ উপস্থিত থকা অনুষ্ঠানটি আঁতধৰে ফুটবল বিভাগৰ সহ সম্পাদক দিগন্ত দত্তই।

খেলো ইণ্ডিয়া ১৭ বছৰ অনুৰ্ধ্ব মহিলা ফুটবল আৰম্ভ...
বুধবাৰৰ পৰা তিনি দিনীয়াকৈ ৰঙিয়াত ইস্তেমাঃ ৫ লাখ লোকৰ হ'ব সমাগম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in