বুধবাৰৰ পৰা তিনি দিনীয়াকৈ ৰঙিয়াত ইস্তেমাঃ ৫ লাখ লোকৰ হ'ব সমাগম...

দিল্লীৰ নিজামুদ্দিন দৰগাহৰ পৰা আহিব ৬ ধৰ্মীয় গুৰু
বুধবাৰৰ পৰা তিনি দিনীয়াকৈ ৰঙিয়াত  ইস্তেমাঃ ৫ লাখ লোকৰ হ'ব সমাগম...
বুধবাৰৰ পৰা তিনি দিনীয়াকৈ ৰঙিয়াত ইস্তেমাঃ ৫ লাখ লোকৰ হ'ব সমাগম...

ডিজিটেল সংবাদ ৰঙিয়াঃ বিশ্ব শান্তি, ভ্ৰাতৃত্ববোধ আৰু ড্ৰাগছমুক্ত অসম গঢ়াৰ মানসেৰে ৰঙিয়াত বুধবাৰৰ পৰা ইস্তেমা অনুষ্ঠিত হ'ব। ৰঙিয়াৰ চিৰাখুন্দি শৌলমাৰী তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম বৃহৎ ধৰ্মীয় সভা তবলিগ জামাতৰ ইস্তেমা ।

উত্তৰ পূৱ মণ্ডলৰ বাৰ্ষিক ইস্তেমাৰ এটা অংশ ১৪ ফেব্ৰুৱাৰী পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ধৰ্মীয় অনুষ্ঠানটিত ৰাজ্যৰ ৭ খন জিলাৰ লগতে চুবুৰীয়া মেঘালয়ৰ এখন জিলা সামৰি ৫ লাখ ইছলাম ধৰ্মৰ ভক্তই অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ।

উল্লেখ্য যে, বিগত প্ৰায় এমাহ ইছলাম ধৰ্মৰ লোকসকলে বিনা পাৰিশ্ৰমিকৰে অশেষ কষ্টৰে এই অনুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগতে এই অনুষ্ঠানৰ বাবে দান-বৰঙণিও সংগ্ৰহ কৰিছে।

ইস্তেমাত কেইবালাখ লোকে একেলগে নামাজ আদায়, খোৱা বোৱা কৰিব পৰাকৈ সকলো সাজু কৰি তোলা হৈছে । প্ৰায় ৫০০ বিঘা মাটি সামৰি আয়োজন কৰা ইস্তেমাত আহিবলগীয়া ভক্তসকলৰ বাবে দিনে নিশাই থকা, শোৱাৰ পৰা আৰম্ভ কৰি শিবিৰৰ উপৰিও সকলো ব্যৱস্থা সাজু হৈ পৰা পৰিলক্ষিত হৈছে ।

ইফালে এই ইস্তেমাত বিশ্ব শান্তি ভ্ৰাতৃত্ববোধ সমাজৰ অসূয়া অমংগল আদি দূৰীকৰণ, মাদক দ্ৰব্যৰ অপকাৰিতা দিশ সম্পৰ্কে মাৰ্গ দৰ্শন কৰিবলৈ দিল্লীৰ নিজামুদ্দিন দৰগাহৰ পৰা ৬ গৰাকী ইছলাম ধৰ্মীয় গুৰু আৰু বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকীও ধৰ্মীয় গুৰু উপস্থিত থাকিব ।

বুধবাৰৰ পৰা তিনি দিনীয়াকৈ ৰঙিয়াত  ইস্তেমাঃ ৫ লাখ লোকৰ হ'ব সমাগম...
বেবজীয়াত ৩ ড্ৰাগছ সৰবৰাহকাৰী আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in