দেশৰ ক্ৰীড়াৰ হটস্পত অসমঃ ফেব্ৰুৱাৰীত খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া...

দেশৰ ক্ৰীড়াৰ হটস্পত অসমঃ ফেব্ৰুৱাৰীত খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া...

author-image
Asomiya Pratidin
New Update
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত থাকিব ৯০০ স্বেচ্চাসেৱক

দেশৰ ক্ৰীড়াৰ হটস্পত অসমঃ ফেব্ৰুৱাৰীত খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া...

ডিজিটেল ডেস্কঃ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা। আনহাতে ২০২৫ অথবা ২০২৬ ত অসমত অনুষ্ঠিত কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা।

এই পৰিকল্পনাৰে ইতিমধ্যে অসমৰ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লৈছে ৰাজ্য চৰকাৰে। এই পৰিকল্পনাৰেই নেহৰু ষ্টেডিয়াম পুনৰ নিৰ্মাণৰ বাবে ৬০০ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে।

আজি সৰুসজাইত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। অনুষ্ঠানত তেওঁ কয়, অসমত অহা ফেব্ৰুৱাৰী মাহত খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই অনুষ্ঠানৰ উদ্বোধনীৰ বাবে নিমন্ত্ৰণ কৰিম।

ইয়াৰোপৰি অসমত ২০২৫ অথবা ২০২৬ চনত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ বাবেও চেষ্টা কৰিব ৰাজ্য চৰকাৰে। ইয়াৰ বাবে কেইবাটাও প্ৰকল্প ইতিমধ্যে হাতত লোৱাৰ কথা ঘোষণা কৰিছে।

নেহৰু ষ্টেডিয়ামত ৬০০ কোটি টকা খৰচ কৰি ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ ফুটবল ফিল্ডৰ লগতে অনুশীলন ফিল্ড নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্পত থাকিব ৰাজ্যৰ আটাইবোৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়। নিৰ্মাণ কৰা হ'ব অলিম্পিক পৰ্যায়ৰ ফুটবল ফিল্ডো।

ৰাষ্ট্ৰীয় ক্ৰীড়াক সন্মুখত ৰাখিয়েই আমিনগাঁৱত নিৰ্মাণ কৰা হৈছে মাল্টি পাৰ্পছ ষ্টেডিয়াম । চন্দ্ৰপুৰতো অহা মাহৰ পৰা নিৰ্মাণ কৰা হ'ব আন এখন মাল্টি পাৰ্পছ ষ্টেডিয়াম।

Also Read: অভিনৱ বিন্দ্ৰা ফাউণ্ডেচনৰ সহযোগত সৰুসজাইত হাই পাৰ্ফমেনচ ৰিহেবিলিটেচন চেণ্টাৰ উদ্বোধন...

খেল' ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ