অভিনৱ বিন্দ্ৰা ফাউণ্ডেচনৰ সহযোগত সৰুসজাইত হাই পাৰ্ফমেনচ ৰিহেবিলিটেচন চেণ্টাৰ উদ্বোধন...
অভিনৱ বিন্দ্ৰা ফাউণ্ডেচনৰ সহযোগত সৰুসজাইত হাই পাৰ্ফমেনচ ৰিহেবিলিটেচন চেণ্টাৰ উদ্বোধন...

অভিনৱ বিন্দ্ৰা ফাউণ্ডেচনৰ সহযোগত সৰুসজাইত হাই পাৰ্ফমেনচ ৰিহেবিলিটেচন চেণ্টাৰ উদ্বোধন...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আশাৰ খবৰ। সৰুসজাই ক্ৰীড়া প্ৰকল্পত অলিম্পিক স্বৰ্ণ জয়ী অভিনৱ বিন্দ্ৰাৰ উপস্থিতি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে হাইপাৰ্ফমেন্স স্প'ৰ্টছ ট্ৰেইনিং আৰু ৰিহেবিলিটেচন চেণ্টাৰ। ২৫ জানুৱাৰী, বৃহস্পতিবাৰে সৰুসজাইত এই হাইপাৰ্ফমেন্স স্প'ৰ্টছ চেণ্টাৰ উদ্বোধন কৰি ৰাজ্যৰ খেলুৱৈৰ বাবে উৎসৰ্গা কৰে।

উল্লেখ্য, অভিনৱ ফিউচাৰিষ্টিক প্ৰাইভেট লিমিটেডৰ সহযোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত মুকলি কৰা হৈছে এই হাইপাৰ্ফমেন্স স্প'ৰ্টছ ট্ৰেইনিং আৰু ৰিহেবিলিটেচন চেণ্টাৰ। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, বেইজিং অলিম্পিকত প্ৰথমগৰাকী ভাৰতীয় হিচাপে স্বৰ্ণ পদক লাভ কৰি অভিনৱ বিন্দ্ৰাই দেশৰ ক্ৰীড়া ইতিহাসত এক নতুন ইতিহাস নিৰ্মাণ কৰিছিল। আজি অভিনৱ বিন্দ্ৰা ডাঙৰীয়াৰ দ্বাৰা পৰিচালিত অভিনৱ ফিউচাৰিষ্টিক প্ৰাইভেট লিমিটেডৰ সহযোগত আমি এই হাইপাৰ্ফমেন্স চেণ্টাৰ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ।

তেওঁ লগতে কয়, ইয়াৰ আগতেও যোৰহাটত অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহযোগত আন এটা হাইপাৰ্ফমেন্স চেণ্টাৰ স্থাপন কৰিছিলোঁ। আজি উদ্বোধন কৰা চেণ্টাৰটো অভিনৱ বিন্দ্ৰা ফাউণ্ডেচনে পৰিচালনা কৰিব। তেখেতসকলে বিভিন্ন ট্ৰেইনাৰ, স্প'ৰ্টছ থেৰাপী, ডাক্তৰ ইয়াৰ লগত সংযোজিত কৰিব যাতে খেলুৱৈসকলে নিজৰ পাৰ্ফমেন্স উন্নত কৰাৰ লগতে তেওঁলোকৰ আঘাত উপসম কৰি এজন সফল ক্ৰীড়াবিদ হিচাপে উজলি উঠিব পাৰে।

স্মৰ্তব্য, যোৱা ২২ অক্টোবৰত অসম চৰকাৰে এই দুয়োটা হাই পাৰ্ফমেন্স চেণ্টাৰ স্থাপন কৰিবলৈ অভিনৱ বিন্দ্ৰা ফাউণ্ডেচনৰ লগত বুজাবুজিৰ চুক্তি কৰিছিল। এই হাই পাৰ্ফমেন্স চেণ্টাৰ স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰে যোৰহাট আৰু গুৱাহাটীত ২৩.৩৮ কোটি টকা ব্যয় কৰিছে। আনহাতে অহা ৫ বছৰলৈ ইয়াক পৰিচালনা কৰিবলৈ প্ৰত্যক বছৰে ২.৫০ কোটি টকাকৈ খৰছ কৰিব।

এই হাই পাৰ্ফমেন্স চেণ্টাৰৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৱ শৰ্মাই কয়, এই হাই পাৰ্ফমেন্স চেণ্টাৰ হ'ব বিশ্বমানৰ। বিশ্বব্যাপী উত্তম পদ্ধতিৰ সৈতে সংগতি ৰাখি খেলুৱৈসকলক উন্নত ক্ৰীড়া কাৰ্যসূচী, ৰিহেবিলিটেচন আৰু পেইন মেনেজমেণ্টৰ সুবিধা ইয়াত প্ৰদান কৰিব।

ইয়াৰোপৰি হাই পাৰ্ফমেন্স স্প'ৰ্টছ ট্ৰেইনিঙৰ সুবিধা দিয়া হ'ব। ৰিহেবিলিটেশ্যনৰ জৰিয়তে খেলুৱৈৰ আঘাতক উপসমৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব। ইয়াৰোপৰি এই চেণ্টাৰে মানসিক, শাৰীৰিক জ্ঞান, পুষ্টিৰ জ্ঞান, মানসিক দৃঢ়তা, মনোযোগিতা বৃদ্ধি আদিৰ প্ৰশিক্ষণ দিব।

আনহাতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰে, অলিম্পিক ফাউণ্ডেশ্যন ফৰ কালচাৰেল এণ্ড হেৰিটেজ, দ্যা ইণ্টাৰনেচনেল অলিম্পিক কমিটী, অভিনৱ বিন্দ্ৰা ফাউণ্ডেচনৰ লগত মিলি অসমৰ কিছু বিদ্যালয়ত অলিম্পিক স্পীৰিট সৃষ্টিৰ বাবেও চেষ্টা কৰা হ'ব। প্ৰসংগক্ৰমে তেওঁ খেল মহাৰণৰ কথা উল্লেখ কৰি কয়, অসম চৰকাৰে খেলৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে। খেল মহাৰণ অনুষ্ঠিত কৰি বহু প্ৰতিভাৰ সন্ধান কৰিছো। ২৭ লাখ যুৱক-যুৱতীয়ে এইবাৰ খেল মহাৰণত অংশগ্ৰহণ কৰিছে।

ইফালে এই অনুষ্ঠানতে তেওঁ অসমত খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অনুষ্ঠিত হোৱাৰ কথাও ঘোষণা কৰে। তেওঁ কয়, অসমত অহা ফেব্ৰুৱাৰী মাহত খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই অনুষ্ঠানৰ উদ্বোধনীৰ বাবে নিমন্ত্ৰণ কৰিম।

ইয়াৰোপৰি অসমত ২০২৫, ২৬ চনত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ বাবেও চেষ্টা কৰিব। ইয়াৰ বাবে কেইবাটাও প্ৰকল্প হাতত লোৱাৰ কথা ঘোষণা কৰিছে। নেহৰু ষ্টেডিয়ামত ৬০০ কোটি টকা খৰচ কৰি ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ ফুটবল ফিল্ডৰ লগতে অনুশীলন ফিল্ড নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে।

ইয়াত থাকিব ৰাজ্যৰ আটাইবোৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়। নিৰ্মাণ কৰা হ'ব অলিম্পিক পৰ্যায়ৰ ফুটবল ফিল্ডো। ৰাষ্ট্ৰীয় ক্ৰীড়াক সন্মুখত ৰাখিয়েই আমিনগাঁৱত নিৰ্মাণ কৰা হৈছে মাল্টি পাৰ্পছ ষ্টেডিয়াম। চন্দ্ৰপুৰতো অহা মাহৰ পৰা নিৰ্মাণ কৰা হ'ব আন এখন মাল্টি পাৰ্পছ ষ্টেডিয়াম।

ৰাজখোৱাই এয়া কি কৰিলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in