১৯ ফেব্ৰুৱাৰী পৰা গুৱাহাটীত খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ-অষ্টলক্ষ্মী ২০২৩

 খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ-অষ্টলক্ষ্মী ২০২৩
খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ-অষ্টলক্ষ্মী ২০২৩

ডিজিটেল ডেস্কঃ অসম চৰকাৰে ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ বাবে শেহতীয়াকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে আহিছে আন এক ভাল খবৰ। গুৱাহাটীত অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ- অষ্টলক্ষ্মী ২০২৩

গুৱাহাটীত ২০২০ চনত সফলতাৰে অনুষ্ঠিত হৈ যোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ পাছত পুনৰ অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণো সফলতাৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে। ১৯ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে ল'গ', প্ৰতীক, জাৰ্ছি আৰু শীৰ্ষ সংগীত।

৮ ফেব্ৰুৱাৰী, ২০২৪ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ ৰাজ্য মন্ত্ৰী নীতিশ প্ৰামাণিকে উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যক প্ৰতিনিধিত্বৰে প্ৰস্তুত কৰা ল'গ', প্ৰতীক, জাৰ্ছি আৰু শীৰ্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখ্য যে, এই প্ৰতিযোগিতাখনত এইবাৰ সমগ্ৰ দেশৰ ১৬৩ খন বিশ্ববিদ্যালয়ৰ ৫০০০ খেলুৱৈ, অফিচিয়েলে অংশগ্ৰহণ কৰিব।

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া- অষ্টলক্ষ্মী ২০২৩ ত এথলেটিকছ, ৰাগবী, বাস্কেটবল, ভলীবল, সাঁতোৰ, বেডমিণ্টন, হকী, ফেঞ্চিং, কাবাডী, ফুটবল, টেনিছ, মালখাম্বা, জুডো, টেবুল টেনিছ, বক্সিং, শ্বুটিং, ভাৰোত্তোলন, আৰ্চাৰী, মল্লযুঁজ আৰু যোগসনকে ধৰি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিমন্ত্ৰণ জনোৱাৰ কথা অসম চৰকাৰৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছে। অৱশ্যে প্ৰধানমন্ত্ৰীৰ উপস্থিতি এতিয়াও নিশ্চিত হোৱা নাই।

 খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ-অষ্টলক্ষ্মী ২০২৩
১ কোটি ২২ লাখ ব্যয়ৰ পাছতো এটুপি পানী নোলাল ঘিলামৰাৰ জলজীৱন আঁচনিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in