১ কোটি ২২ লাখ ব্যয়ৰ পাছতো এটুপি পানী নোলাল ঘিলামৰাৰ জলজীৱন আঁচনিত...

১ কোটি ২২ লাখ ব্যয়ৰ পাছতো এটুপি পানী নোলাল ঘিলামৰাৰ জলজীৱন আঁচনিত...

author-image
Asomiya Pratidin
New Update
১ কোটি ২২ লাখ ব্যয়ৰ পাছতো এটুপি পানী নোলাল ঘিলামৰাৰ জলজীৱন আঁচনিত...

১ কোটি ২২ লাখ ব্যয়ৰ পাছতো এটুপি পানী নোলাল ঘিলামৰাৰ জলজীৱন আঁচনিত...

ডিজিটেল সংবাদ ঢকুৱাখনা: প্ৰতিটো পৰিয়াললৈ প্ৰতি ক্ষনে বিশুদ্ধ খোৱা পানী অবিৰত যোগানৰ এখন অভিলাসী আঁচনি। জলজীৱন মিছন। ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে ৰূপায়িত এই ব্যয়বহুল আঁচনি ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এচাম দায়িত্বহীন আৰু অৰ্থলোভী বিষয়া কৰ্মচাৰী ঠিকাদাৰৰ কৰাল গ্ৰাসত পৰি ধোঁৱা চাঙত উঠা পৰিলক্ষিত হৈছে।

Advertisment

চৰকাৰী পুঁজিলৈ লুলুপ দৃষ্টি দি কমিচনৰ অংক কৰি বিভাগীয় কাৰ্যবাহী অভিযন্তাই ঠিকাদাৰৰ প্ৰতি গ্ৰহণ কৰা দৰদী ভূমিকাৰ বাবেই ঘিলামৰাৰ এখন জলজীৱন আঁচনি উপভোক্তা ৰাইজৰ বাবে গলগ্ৰহ হিচাবে বিবেচিত হৈছে। সংগৃহীত তথ্য মতে ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্য্যালয়ৰ সমীপতে ঘিলামৰা জলজীৱন মিছন নামৰ এখন আঁচনি গ্ৰহণ কৰা হৈছিল ।

২০২০-২০২১ বর্ষৰ প্ৰায় ১কোটি ২২লাখ টকাৰে এই আচঁনিখন ৰূপায়ন কৰাৰ পাছত চলিত বৰ্ষৰ ১১ জানুৱাৰীত ৰাইজৰ ব্যৱহাৰৰ বাবে উৎসৰ্গিত কৰে। সমগ্ৰ অঞ্চলটোৰ প্ৰায় ৩৭৫ টা পৰিয়াল উপভোক্তা হিচাবে থকা এই আঁচনিখনৰ ১০০ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি বিভাগীয়ভাবে প্ৰতিবেদন লাভ কৰাৰ পাছত ঠিকাদাৰৰ পৰা গ্ৰহণ কৰি ৰাইজৰ ব্যৱহাৰৰ বাবে এৰি দিয়া হ'ল।

ঘিলামৰা, ঘিলামৰা তিনিআলি, ১নং মিলন নগৰ আৰু ২নং মিলন নগৰৰ প্ৰায় ৩৭৫ টা পৰিয়ালে উপভোক্তা হিচাবে নাম পঞ্জীয়ন কৰি চৰকাৰী আঁচনিৰ পানীৰ আশাত ৰৈ মাহ মাহ ধৰি এই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। এটুপাল পানীও এই আঁচনিৰ পৰা লাভ নকৰা তিনি শতাধিক পৰিয়ালৰ অভিযোগ আৰম্ভণিৰ পৰাই আঁচনিখনৰ যান্ত্ৰিক বিজুটি ঘটি থকাৰ বাবে আঁচনিৰ পানী লাভ কৰা নাই গ্ৰাহকে।

ত্ৰুটিপূৰ্ণ অৱস্থাৰেই আঁচনিখনৰ মেচিনকে ধৰি সকলো উপভোক্তা ৰাইজৰ সমিতিৰ হাতত অৰ্পণ কৰি বিভাগে কণা হাঁহক পতান দি দৰাচলতে ৰাইজক ৰাম ঠগন দিয়া বুলি উপভোক্তা ৰাইজ পতিয়ন গৈছে। আৰম্ভণিৰ পৰাই আঁচনিখনৰ মেচিন, যন্ত্ৰাংশ বিকল হৈ অচল হোৱাৰ বাবে চৰকাৰী সেৱাৰ পৰা ৰাইজ বঞ্চিত হোৱা সন্দৰ্ভত উপভোক্তা সমিতিয়ে বহুবাৰ বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী আৰু বিভাগীয় কৰ্মচাৰীক অৱগত কৰি লিখিত অভিযোগ দাখিল কৰিছিল।

কিন্তু চৰকাৰী পুঁজি উদৰস্থ কৰিবলৈ খেপ পাতি ৰোৱা বিভাগটোৰ এনেবোৰ অৰ্থলোভী বিষয়া কৰ্মচাৰীৰ ৰাইজৰ অভাৱ অভিযোগৰ প্ৰতি গুৰুত্ব দিয়াৰ আহৰি নহ'ল। পৰিণতিত উপভোক্তা সমিতিৰ হাতত অৰ্পণৰ দিনৰ পৰাই অচল হৈ পৰি ৰাজকোষৰ কোটি কোটি টকা অপচয় হৈ আহিছে।

ৰাইজৰ অভিযোগ ত্ৰুটিপূৰ্ণ সামগ্ৰীৰ ব্যৱহাৰেৰে পালমৰা নীতিৰে আঁচনিখন ৰূপায়ন কৰি বিভাগীয় বিষয়াৰ আশীৰ্বাদ লভি ৰাইজক গতাই দিয়া হ'ল আঁচনিখন। যাৰ বাবেই প্ৰথম অৱস্থাৰ পৰাই ভালুকৰ সাঙি লৈ পতিত হ'ল ১ কোটি ২২ লাখ ১৬ হাজাৰ টকা ব্যয় সাপেক্ষ ৰূপায়িত জলজীৱন মিছনৰ আঁচনিখন।

চৰকাৰী বৃহৎ পুঁজিৰ আবন্টনৰ পাছতো উপভোক্তা ৰাইজে এটুপি পানী বিচাৰি হাঁহাকাৰ কৰিব লগা হোৱা অৱস্থা সন্দৰ্ভত লখিমপুৰ জিলা আয়ুক্তৰ লগতে ঢকুৱাখনাৰ মহকুমাধিপতিৰ জৰুৰী তদন্ত দাবী কৰিছে ভুক্তভোগী উপভোক্তা ৰাইজে।

Also Read: মায়ং আঞ্চলিক মহাবিদ্যালয়ত উদ্যমিতা আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ

ঘিলামৰা জলজীৱন মিচন