'ফ্ৰেঞ্চাইজি সলনি কৰাৰ সময় হৈছে বিৰাট কোহলিৰ'

'ফ্ৰেঞ্চাইজি সলনি কৰাৰ সময় হৈছে বিৰাট কোহলিৰ'

author-image
Asomiya Pratidin
New Update
'ফ্ৰেঞ্চাইজি সলনি কৰাৰ সময় হৈছে বিৰাট কোহলিৰ'

'ফ্ৰেঞ্চাইজি সলনি কৰাৰ সময় হৈছে বিৰাট কোহলিৰ'

ডিজিটেল ডেস্কঃ আৰ চি বি এৰি দিল্লী কেপিটেলছলৈ যাব বিৰাট কোহলি ! সামাজিক মাধ্যমত ব্যাপক চৰ্চা। আই পি এল-২০২৩ৰ পৰা আৰ চি বি বাহিৰ হোৱাৰ পাছতে টুইটাৰত চলিছে সৰৱ চৰ্চা।

Advertisment

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো স্বপ্ন ভংগ হ'ল আৰ চি বি অনুৰাগীৰ। গুজৰাটৰ হাতত পৰাস্ত হোৱা দলটোৰ প্লে' অফত প্ৰৱেশৰ পথ ৰুদ্ধ হৈছে। তাৰ মাজতে আৰ চি বিৰ বিস্ফোৰক বেটছমেন তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলিলৈ আগবঢ়োৱা হৈছে এক বিশেষ পৰাৰ্শ।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জাৰ্ছি এৰি আন দলৰ জাৰ্ছি পৰিধান কৰক বিৰাট কোহলিয়ে। কোনো এলা পেচা লোকে আগবঢ়োৱা নাই এই পৰামৰ্শ। বিৰাটক এই পৰামৰ্শ আগবঢ়াইছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেনে।

তেওঁ বিৰাটক আৰ চি বি এৰি আন ফ্ৰেঞ্চাইজিলৈ যোৱাৰ মুকলি পৰামৰ্শ আগবঢ়াইছে। গুজৰাটৰ হাতত আৰ চি বি পৰাস্ত হোৱাৰ পাছতে পিটাৰছেনে টুইটাৰত লিখিছে, ''টাইম ফৰ বিৰাট টু মেক দ্যা মুভ টু দ্যা ক্যাপিটালে চিটি''।

কেভিন পিটাৰছেনৰ এই মন্তব্যৰ পাছতে অৱশ্যে বিভিন্ন জনে বিভিন্ন মন্তব্য কৰিছে। বহুতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পিটাৰেছনক উভতি ধৰিছে। আৰ চি বি অনুৰাগীসকলে বিৰাটে আৰ চি বি এৰি যোৱাৰ কথাটো মানি ল'ব বিচৰা নাই। দিল্লী কেপিটেলছৰ সৈতে বিৰাটে কোনো কাৰণত নেখেলে বুলিও মন্তব্য কৰিছে একাংশই।

তাৰ মাজতে অৱশ্যে আন একাংশই বিৰাটক আৰ চি বি এৰি যোৱাৰ এই পৰামৰ্শক সমৰ্থন কৰিছে। অৱশ্যে তেওঁলোকে বিৰাটে আৰ চি বি এৰি দিল্লী কেপিটেলছলৈ যোৱাৰ পৰিৱৰ্তে চি এছ কেলৈ গৈ মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত আই পি এলৰ পৰৱৰ্তী ছিজনৰ মেচ খেলাটোহে বিচাৰিছে।

আন একাংশই আকৌ কৈছে, আগন্তক ছিজনত ধোনিয়ে খেলিব নে নাই তাৰ কোনো নিশ্চয়তা নাই। অৱশ্যে ধোনি আৰু বিৰাট একেলগে একেটা ফ্ৰেঞ্চাইজিলৈ আহিলে আই পি এলৰ ৰূপেই সলনি হৈ যাব বুলিও একাংশই দাবী কৰিছে।

উল্লেখ্য যে, ২০০৮ চনৰ পৰাই বিৰাট কোহলি আৰ চি বিৰ সৈতে আছে। ফ্ৰেঞ্চাইজিটোৰ হৈ তেওঁ ২৩০ খনতকৈ অধিক মেচ খেলিছে আৰু ৭ হাজাৰৰো অধিক ৰাণ সংগ্ৰহ কৰিছে।  

এই পৰ্যন্ত আই পি এলত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰ তালিকতো বিৰাটৰ নাম প্ৰথম স্থানত আছে। বিৰাটৰ এনে অনবদ্য অৱদানৰ পাছতো অৱশ্যে আৰ চি বিয়ে এতিয়ালৈকে এটাও ট্ৰফী জয় কৰিব পৰা নাই।

Also Read: মাহ মাহ ধৰি চুটিত শিক্ষক-শিক্ষয়িত্ৰী: প্ৰধান শিক্ষকে কিশোৰীক দিলে শিক্ষাদানৰ দায়িত্ব...

বিৰাট কোহলি আৰ চি বি