মাহ মাহ ধৰি চুটিত শিক্ষক-শিক্ষয়িত্ৰী: প্ৰধান শিক্ষকে কিশোৰীক দিলে শিক্ষাদানৰ দায়িত্ব...

শিক্ষাবিভাগ অথবা শিক্ষামন্ত্ৰীয়ে নহয়, বিদ্যালয়খনৰ প্ৰধান শিক্ষকেহে নিযুক্তি দিলে দুগৰাকী শিক্ষয়িত্ৰীক।

author-image
Asomiya Pratidin
New Update
মাহ মাহ ধৰি চুটিত শিক্ষক-শিক্ষয়িত্ৰী: প্ৰধান শিক্ষকে কিশোৰীক দিলে শিক্ষাদানৰ দায়িত্ব...

ডিজিটেল সংবাদ, দুমুনিচকী : মালিবাৰী প্ৰাথমিক বিদ্যালয়ত আজৱ ঘটনা। শিক্ষাবিভাগ অথবা শিক্ষামন্ত্ৰীয়ে নহয়, বিদ্যালয়খনৰ প্ৰধান শিক্ষকেহে নিযুক্তি দিলে দুগৰাকী শিক্ষয়িত্ৰীক। কামৰূপ জিলাৰ কৰৰা শিক্ষা খণ্ডৰ অন্তৰ্গত মালিবাৰী প্ৰাথমিক বিদ্যালয়ৰ ঘটনা এয়া।

Advertisment

বিদ্যালয়ৰ সহশিক্ষয়িত্ৰীৰ পেটৰ অসুখৰ বাবে কেইবামাহ ধৰি চুটিত থকাৰ বিপৰীতে বিদ্যালয়ৰ পৰা মাত্ৰ এক কিলোমিটাৰ ব্যৱধানত বাস কৰা প্ৰধান শিক্ষকো প্ৰায়ে অনুপস্থিত থাকে বিদ্যালয়ত। সেয়েহে প্ৰধান শিক্ষক পদুম চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাৰ দায়িত্ব দিলে দুগৰাকী কিশোৰীক।

বিদ্যালয়খনৰ দুয়োগৰাকী পাল মৰা শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে অনিশ্চয়তাত এতিয়া ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱন। ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনক লৈ ল'ৰা ধেমালি কৰা প্ৰধান শিক্ষকক অপসাৰণৰ দাবী স্থানীয় সচেতন মহলৰ।

Also Read: অষ্টম স্থানেৰে গোৱালপাৰালৈ‌ গৌৰৱ কঢ়িয়ালে সাহিল ছিদ্দিকিয়ে

education department of assam