গুৱাহাটীত জ'ছ বাটলাৰৰ কমলা টুপী

তেওঁ আই পি এলৰ ২৫টা ইনিংছত ৫টা শতকসহ ৬টা অৰ্ধশতক অৰ্জন কৰিছে

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত জ'ছ বাটলাৰৰ কমলা টুপী

জ'ছ বাটলাৰ

ডিজিটেল ডেস্কঃ বৰ্ষাপাৰাত শনিবাৰে অনুষ্ঠিত দ্বিতীয়খন মেচত ৰাজকীয় জয় ৰাজস্থান ৰয়েলছৰ। কালি নিশা ৰাজস্থান ৰয়েলছে ৫৭ ৰানৰ ব্যৱধানত ডেভিড ৱাৰ্ণাৰ নেতৃত্বাধীন দিল্লী কেপিটেলছক পৰাস্ত কৰে।

Advertisment

ৰয়েলছৰ অন্যতম খেলুৱৈ ৰিয়ান পৰাগ মাতৃভূমিত বিশেষ সফল হ'ব নোৱাৰিলেও তাৰকা বেটছমেন জ'ছ বাটলাৰে বৰ্তমানলৈকে সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত তেওঁ লাভ কৰে কমলা টুপী।

কালিৰ মেচখনত বাটলাৰে ৭৯ ৰানৰ মাৰমুখী ইনিংছ খেলাৰ উপৰিও বিগত দুখন মেচত ক্ৰমে ৫৪ আৰু ১৯ ৰান সংগ্ৰহ কৰিছিল। বৰ্তমানলৈকে বাটলাৰে ৩টা ইনিংছত ১৫২ ৰান কৰিছে।

উল্লেখ্য যে তেওঁ আই পি এলৰ ২৫টা ইনিংছত ৫টা শতকসহ ৬টা অৰ্ধশতক অৰ্জন কৰিছে।

Also Read: পহিলা ব'হাগৰ দিনটো 'নিজৰ দিন' হিচাপে পালন কৰাৰ আয়োজন অসম সাহিত্য সভাৰ

Jos Buttler IPL 2023