/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d0bd7c79-53b3-4b45-8ee8-5d7dce874410/assam_sahitya.jpg)
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে অসম সাহিত্য সভাই পহিলা ব'হাগৰ দিনটো 'নিজৰ দিন' হিচাপে পালন কৰি আহিছে। এই বছৰো ইয়াৰ ব্যতিক্ৰম নহয় অসম সাহিত্য সভা।
এই বছৰো উক্ত দিনটো সভাই 'নিজৰ দিন' হিচাপে পালন কৰাৰ বাবে প্ৰস্তুতি চলাইছে। সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়কে ধৰি গুৱাহাটীৰ প্ৰশাসনিক কাৰ্যালয়ৰ লগতে আন আন আঞ্চলিক কাৰ্যালয়তো উক্ত দিনটো 'নিজৰ দিন' হিচাপে পালন কৰিব বুলি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকে এক বিবৃতিযোগে জনায়।
উল্লেখ্য যে 'নিজৰ দিন'ৰ মূল উদ্দেশ্য হৈছে সমাজৰ বিশিষ্ট ব্যক্তিসকলক ৰঙালী বিহুৰ শুভেচ্ছা জনোৱা। সভাৰ সদস্যসকলে নিজ নিজ অঞ্চলৰ বিশিষ্ট শিল্পী,সাহিত্যক,কৃষক,শিপিনী তথা বয়োজ্যেষ্ঠ লোকসকলৰ ঘৰলৈ গৈ বিহুৱান,শুভেচ্ছা পত্ৰ আদিৰে তেওঁলোকক ৰঙালী বিহুৰ ওলগ জনাব।
Also Read: কোৰোনাকলৈ তৎপৰ উত্তৰ প্ৰদেশ চৰকাৰ : বিদেশৰ পৰা অহা যাত্ৰীৰ বাবে বাধ্যতামূলক কোৰোনা পৰীক্ষা