/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/cbf5230f-9222-484f-b20c-296738d540b8/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ দেওবাৰে যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পত ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হোৱা ২৯ সংখ্যক প্ৰেৰণা সাঁতোৰ প্ৰতিযোগিতাখনি সফলতাৰে সম্পন্ন হয়। ন-শিকাৰু প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ জগাই তোলাৰ উদ্দেশ্যেৰে আয়োজন কৰা উক্ত প্ৰতিযোগিতাখনত ২৬৫ গৰাকী প্ৰতিযোগীয়ে যোগদান কৰে। আৰু প্ৰতিযোগিতাখনি ৩০টা ইভেণ্টত সামৰণি পৰে।
ছ'চাইটিৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ হাজৰিকা আৰু সদস্য সঞ্জয় শৰ্মাই বন্তি প্ৰজ্বলনেৰে শুভ উদ্ধোধন কৰা প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে ছ'চাইটিৰ পতাকা উত্তোলন কৰে ছ'চাইটিৰ উপ-সভাপতি জিতেন্দ্ৰ কুণ্ডলীয়াই। প্ৰতিযোগিতাখনি অন্তত সুমন্ত কুমাৰ দাসে আঁত ধৰা বঁটা বিতৰণি সভাত ছ'চাইটিৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ হাজৰিকা, উপ-সভাপতি প্ৰণৱ বৰঠাকুৰ, ৰাজীৱ শৰ্মা, ড০ পৰেশ চন্দ্ৰ বৰা, ৰমেন বৰদলৈৰ উপৰি ছ'চাইটিৰ প্ৰশিক্ষকসকল উপস্থিত থাকে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক বঁটা সমূহ প্ৰদান কৰা হয়।
Also Read: কি অৱস্থাত এছিয়ান গেমছ