কি অৱস্থাত এছিয়ান গেমছ

কি অৱস্থাত এছিয়ান গেমছ

ডিজিটেল ডেস্কঃ অষ্টম দিনত ভৰি দিলে এছিয়ান গেমছে। ইতিমধ্যেই শতাধিক শিতানত খেলৰ সামৰণি ঘটা এই মহাৰণত বৰ্তমানলৈ এটাও পদক অৰ্জন কৰিব পৰা নাই কেইবাখনো দেশে। ইয়াৰ ভিতৰত আছে ভূটান, কম্বোডিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, পেলেষ্টাইন, চিৰিয়া, টাইম'ৰ-লেষ্ট, য়ামেন । আনহাতে মাত্ৰ ১টা পদক লাভতে স্থবিৰ হৈ আছে বাংলাদেশ, ইৰাক, লেবানন।

লক্ষণীয় বিষয় যে, মুঠ ৪৬খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত চতুৰ্থ স্থানত আছে ভাৰত। এই পৰ্যন্ত ১৩টা সোণৰ পদক, ২১টা ৰূপৰ পদক আৰু ১৯টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৫৩টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে। ইপিনে মুঠ ২৪৩টা পদক অৰ্জন কৰি শ্ৰেষ্ঠ স্থানত আছে আয়োজক দেশ চীন।

উল্লেখ্য যে, চীনৰ হাংঝৌ চহৰ তথা ইয়াৰ আশে-পাশে ৫৬টা স্থানত অনুষ্ঠিত হৈছে খেলৰ মহাৰণ এছিয়ান গেমছ। মুঠ ৪৮১ টা সোণ, ৰূপৰ, ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। উখল-মাখল হৈ থকা চহৰখনৰ ষ্টেডিয়ামসমূহৰ বাকৰিত সমাৱেশ ঘটিছে এছিয়া মহাদেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ-প্ৰশিক্ষকৰ।

কি অৱস্থাত এছিয়ান গেমছ
নাহেন্দ্ৰ পাডুং-নয়নজ্যোতি শৰ্মালৈ "প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in