যোৰহাটত 'A' ডিভিজন ফুটবল প্ৰতিযোগিতা

যোৰহাটৰ 'এ‌‌' ডিভিজন ফুটবলত যোৰহাট টাউন ক্লাবে জয়লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
যোৰহাটত 'A' ডিভিজন ফুটবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটৰ 'এ‌‌' ডিভিজন ফুটবলত যোৰহাট টাউন ক্লাবে জয়লাভ কৰিছে। যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সোমবাৰৰে পৰা আৰম্ভ হোৱা 'এ' ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত যোৰহাট টাউন ক্লাবে ৰঞ্জিত ক্লাবক ৪-০ গলৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইন্ট অৰ্জন কৰে।

Advertisment

খেলখনত প্ৰথমৰ পৰাই যোৰহাট টাউন ক্লাবৰ অভিজ্ঞ খেলুৱৈসকলৰ ওচৰত দিশহাৰা হয় ৰঞ্জিত ক্লাবৰ খেলুৱৈসকল। খেলৰ প্ৰথমাৰ্ধৰ ৯ মিনিটত আৰু ৪৩ মিনিটত টাউন দলৰ হৈ মণিপুৰৰ খেলুৱৈ মাইকেল মিটাই দুটাকৈ গল দি প্ৰথমে ২-০ গলৰ অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পিছতে পুনৰ ৪৫ মিনিটত টাউনৰ ফৰৱাৰ্ড খেলুৱৈ গৌতম বৰুৱাই এটা গল দি ৩-০ গলৰ অগ্ৰগতি প্ৰথমাৰ্ধতে লাভ কৰে। দ্বিতীয়ৰ্ধৰ দেৱাশীষ শইকীয়াই ৯০ মিনিটত এটা গল দিয়াত টাউন ক্লাবে ৪-০ গলৰ ব্যৱধানত জয়লাভ কৰে।

উল্লেখযোগ্য যে, টাউন ক্লাবে কেইবাটাও নিশ্চিত গল দিয়াত ব্যৰ্থ হয়। বিধিনিষিদ্ধভাৱে খেলাৰ বাবে যোৰহাট টাউন ক্লাবৰ মাইকেল মিটাই ৰঙা কাৰ্ড আৰু ৰঞ্জিত ক্লাবৰ অনিল ঘাটোৱাৰ আৰু মনদ্বীপ দেউৰীক হালধীয়া কাৰ্ড দেখুৱাই সৰ্তক কৰি দিয়ে। এই খেলখন পৰিচালনা কৰে পৱন পাঠকে। খেলৰ প্ৰাকক্ষণত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ আদৰণি ভাষণ প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে। ক্ৰীড়া সংগঠক প্ৰবিত্ৰ বৰঠাকুৰ, জাগীৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ হেম চুতীয়া, সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰাক্তন খেলুৱৈ নবীন চন্দ্ৰ বড়া আৰু বৰুণ দত্তক জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আদৰণি জনোৱা হয়।

যোৰহাট চুইমিং ছ'চাইটিৰ সভাপতি ৰক্তিম শইকীয়াই 'এ' ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাখনি উদ্ধোধন কৰে আৰু দুয়ো দলৰ খেলুৱৈসকলৰ লগত চিনাকি হয়। ইয়াৰ উপৰিও উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ফুটবল সভাপতি ললিত চন্দ্ৰ বড়া, দ্বিজেন শইকীয়া, ৰবীন শইকীয়া, জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ সদস্য অমল বৰুৱা, নিৰ্মল চেতীয়া উপৰি বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল। মঙলবাৰে প্ৰতিযোগিতাখনৰ পৰৱৰ্তী খেলখনত বৰভেটা স্প'ৰ্টছ ক্লাবে অল ষ্টাৰ ক্লাবৰ বিৰুদ্ধে মুখামুখি হ'ব।

Also Read: পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

football