পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

author-image
Asomiya Pratidin
New Update
পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট ওখ প্ৰতিমূৰ্তি উন্মোচন কৰে। নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ৰ বিপৰীতে থকা উদ্যানখনত বিগত কেইবামাহৰ ধৰি নিৰ্মাণ কৰি হৈছিল বিশাল মূৰ্তিটো। প্ৰতিমূৰ্তি উন্মোচন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ গুণানুকীৰ্তন কৰে। উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ সহিতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা উপস্থিত থাকে।

Advertisment

প্ৰতিমূৰ্তি উন্মোচন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, "মই সদায় এটা কথাৰ বাবে গৌৰৱান্বিত যে মোৰ বাবে এজন অতি মহান ব্যক্তিত্বৰ ব্যক্তি আদৰ্শ হিচাপে আছে, যাৰ চিন্তাধাৰাৰ সৈতে আমি জীয়াই থাকিব পাৰো"। লগতে তেওঁ জীৱনটোক ৰে'ল যাত্ৰাৰ সৈতে তুলনা কৰি আশ্চৰ্যকৰ বুলি অভিহিত কৰে। সেয়েহে জীৱন যাত্ৰা উপভোগ কৰি যাবলৈ ভাষণ প্ৰসংগত উল্লেখ কৰে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সোমবাৰে মধ্য প্ৰদেশ আৰু ৰাজস্থান ভ্ৰমণ কৰে। এই সময়ছোৱাত মোডীয়ে জয়পুৰত বিজেপিৰ সংকল্প মহাসভাত ভাষণ প্ৰদান কৰে। জয়পুৰ জিলাৰ ধনক্য গাঁৱতো পণ্ডিত দীনদয়াল উপাধ্যায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল মোডীয়ে।

Also Read: লামডিঙত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ; আটক দুই মিজো সৰবৰাকাৰী

পণ্ডিত দীনদয়াল উপাধ্যায়