আশাৰ সঞ্চাৰ হৈ উঠিছে ৮০ৰ উৰ্ধৰ খেলুৱৈৰে আৰম্ভ হোৱা জাপানৰ ফুটবল লীগ...

আশাৰ সঞ্চাৰ হৈ উঠিছে ৮০ৰ উৰ্ধৰ খেলুৱৈৰে আৰম্ভ হোৱা জাপানৰ ফুটবল লীগ...

ডিজিটেল ডেস্ক : বয়স কেৱল এক সংখ্যা হে বুলি বাৰে বাৰে প্ৰমাণ কৰি আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলে । এই ক্ষেত্ৰত পিছ পৰি নাথাকিল জাপানো । এসময়ত আত্মহত্যাৰ বাবে কুখ্যাত হৈ পৰা জাপানে হেৰুৱাই পেলাইছিল জীৱনৰ ছন্দ আৰু জীয়াই থকাৰ মাদকতা । এটাৰ পাছত আনটো আত্মহত্যাৰে সমগ্ৰ বিশ্বত উদ্বেগৰ সৃষ্টি কৰিছিল দেশখনে ।

৬০ বছৰলৈ জীয়াই থাকিবই নিবিচাৰে জাপানৰ কোনো লোকেই । দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ নব্য উদাৰবাদে ধ্বংস কৰি পেলাইছিল দেশখনক । তেনে এখন দেশে চৰম হতাশাৰ পৰিস্থিতিৰ মাজৰ পৰা আহি আজি আৰম্ভ কৰিছে "ছ'কাৰ ফৰ লাইফ" । দেশখনৰ ৮০ৰ উৰ্ধৰ ব্যক্তিসকলে আৰম্ভ কৰিছে এক ফুটবল লীগ টুৰ্নামেন্ট হৈছে ছ'কাৰ ফৰ লাইফ । প্ৰায় ৪০ জন খেলুৱৈৰে ৩০ মিনিট সময়ৰ একোখন মেছ হ'ব এই টুৰ্নামেন্টত ।

টুৰ্নামেন্টৰ সকলোতকৈ বয়োজ্যেষ্ঠ খেলুৱৈ শ্বিংগো শ্বিৱ'জাৱা হৈছে ৯৩ বছৰীয়া গ'লৰক্ষক যি পূৰ্বে ফৰ্মুলা-১ৰ বাহনৰ ডিজাইনাৰ আছিল । অৱশ্যে টুৰ্নামেন্টত অংশগ্ৰহণ কৰা প্ৰায়সংখ্যক লোকেই সমগ্ৰ জীৱন ফুটবল খেলুৱৈ ৰূপে অতিবাহিত কৰিছিল । জাপানত ১৯৯২ চনত আনুষ্ঠানিকভাৱে ফুটবল লীগ আৰম্ভ হোৱাৰো বহু দশক পূৰ্বেই এইসকল লোকে আৰম্ভ কৰিছিল ফুটবল খেলিবলৈ । আনহাতে, কেৱল খেলুৱৈসকলেই নহয় বৰং মেছত থকা ৰেফাৰী, লাইনমেনো ৮০ৰ উৰ্ধৰ ।

আনহাতে, টুৰ্নামেন্টখনত থকা ৰে'ড ষ্টাৰ দলটিৰ ৮৩ বছৰীয়া মিডফিল্ডাৰ মুটচুহিক' ন'মুৰা হৈছে একালৰ জাপানৰ আন্ত:ৰাষ্ট্ৰীয় দলৰো খেলুৱৈ যি বিগত সাতটা দশক ধৰি ফুটবলৰ সৈতে জড়িত হৈ আছে ।

টুৰ্নামেন্টখন আৰু সামগ্ৰিকভাৱে ফুটবল সন্দৰ্ভত খেলুৱৈগৰাকীয়ে দিয়া মন্তব্য অনুসৰি, পূৰ্বতে হেনো তেওঁৰ খেলৰ শৈলী পৃথক আছিল । বৰ্তমান মিডফিল্ডৰ পৰাই এক নিয়ন্ত্ৰণাত্মক শৈলীত খেলে খেলুৱৈজনে ।

চৰম হতাশাৰ পৰা উঠি অহা এখন দেশৰ বাবে এই টুৰ্নামেন্ট আশাস্বৰূপ । যি আশাৰ পৰা শিক্ষা গ্ৰহণ কৰা উচিত সমগ্ৰ বিশ্বই । বয়স কেৱল এক সংখ্যাই হৈ ৰওক সকলোৰে বাবে ।

আশাৰ সঞ্চাৰ হৈ উঠিছে ৮০ৰ উৰ্ধৰ খেলুৱৈৰে আৰম্ভ হোৱা জাপানৰ ফুটবল লীগ...
নলবাৰী জিলা সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in