নলবাৰী জিলা সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ
নলবাৰী জিলা সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলা সাহিত্য সভাৰ ২০২৩-২০২৫ কাৰ্যকালৰ  প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ৪ জুনত নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় শুভদ্ৰা চৌধুৰী ভৱনত সম্পন্ন হয়। আজিৰ কাৰ্য নিৰ্বাহক সভাখনত পৌৰোহিত্য কৰে জিলা সাহিত্য সভাৰ সভাপতি ড৹ লীনা ডেকাই।

সভাঘৰত উপস্থিত থকা সদস্যসকলৰ চিনাকি পৰ্বৰ পূৰ্বে সভা আয়োজনৰ উদ্দেশ্যে ব্যাখ্যা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই। ইয়াৰ পাছতে ২০২৩-২০২৫ বৰ্ষৰ নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ মনোনীত সদস্যৰ প্ৰমাণ পত্ৰবোৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

সভাত জিলা সাহিত্য সভাৰ ভৱিষ্যৎ কৰ্মপন্থা সন্দৰ্ভত কেইবাগৰাকী সদস্যই মতামত আগবঢ়ায়। অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্প উপ সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতাই সাহিত্য সভাক অধিক গতিশীল কৰাৰ ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। সভাখনত অসম সাহিত্য সভাৰ লোক পৰিৱেশ্য কলা সংৰক্ষণ-সংবৰ্ধন উপ সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি শৰ্মাৰ লগতে শাখা সমিতিসমূহৰ বিষয়ববীয়া আৰু অৰ্ধ শতাধিক সাহিত্যপ্ৰেমী  উপস্থিত থাকে। সভাই নৱগঠিত মৈত্ৰেয়ী শাখা সাহিত্য সভা, চামতা আঞ্চলিক শাখা সাহিত্য সভা আৰু বৰভাগ শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিক অনুমোদন কৰাৰ লগতে  কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

আনহাতে বিশ্ব পৰিৱেশ দিৱস, পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা আৰু গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱা স্মৃতি দিৱস, বিষ্ণুপ্ৰসাদ ৰাভা দিৱস, প্ৰাচ্যতত্ত্ববিদ হৰিনাথ শৰ্মা দলৈ স্মৃতি দিৱস পালন আদিৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাপতিৰ বক্তব্য আৰু মন্তব্যৰ পাছতে অসম সংগীতেৰে সভা সামৰা হয়।

নলবাৰী জিলা সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন...
আজি মঙলদৈ বাইপাছৰ শুভাৰম্ভ কৰিব নীতিন গাডকাৰীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in