/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/19528b40-43c0-47fb-950b-407d5887c89e/ISL_4.jpg)
মোহন বাগানক পৰাস্ত কৰি ISLৰ চেম্পিয়ন মুম্বাই চি টি এফ চি...
ডিজিটেল ডেস্কঃ ত্ৰিমুকুট জয়ৰ সপোন পূৰণ নহ'ল। মুম্বাইৰ হাতত পৰাস্ত মোহন বাগান। আই এছ এলৰ ফাইনেলত ৩-১ ব্যৱধানত পৰাস্ত মোহন বাগান। আজি অনুষ্ঠিত হোৱা আই এছ এলৰ উত্তেজনাময় চূড়ান্ত মেচখনৰ প্ৰথমাৰ্ধত মোহন বাগানে মুম্বাইক এটা গ'ল দি আগবাঢ়ি আছিল যদিও দ্বিতীয়াৰ্ধত মোহন বাগানক তিনিটাকৈ গ'ল দিয়ে মুম্বায়ে।
মোহন বাগানৰ হৈ একমাত্ৰ গ'লটো দিয়ে জেছন কামিংছে। আনহাতে মুম্বাইৰ হৈ গ'ল তিনিটা কৰে ক্ৰমে হৰ্হে পেৰেৰা, বিপিন সিং আৰু ইয়াকুবে। উল্লেখ্য ২০২১ ৰ ফাইনেলতো মোহন বাগানৰ বিৰুদ্ধে গ'ল কৰিছিল বিপিং সিঙে।
SCENES IN MUMBAI AFTER THE #ISL 2023-24 CUP WIN! 🔵🏆#MBSGMCFC #ISLFinal #ISLPlayoffs #ISL10 #LetsFootball #MumbaiCityFC | @MumbaiCityFC @WCBMumbai pic.twitter.com/eYd6oHkF0T
— Indian Super League (@IndSuperLeague) May 4, 2024
চূড়ান্ত মেচখনৰ প্ৰথমাৰ্ধত দুয়োটা দলেই তীব্ৰ যুঁজ দিছিল যদিও দ্বিতীয়াৰ্ধত একপ্ৰকাৰে অপ্ৰতিৰোধ্য হৈ পৰে মুম্বাই। খেল আৰম্ভ হোৱাৰ প্ৰথম ১০ মিনিটত খেল পথাৰত কেৱল দেখা গৈছিল দুয়ো দলৰ খেলুৱৈয়ে কেৱল বল পাছ কৰিয়েই খেল আগুৱাই নিছিল। দুয়োটা দলেই কেৱল বল নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছিল।
কিন্তু মোহন বাগানতকৈ মুম্বায়ে বল নিজৰ নিয়ন্ত্ৰণত অধিক সময় ৰাখিবলৈ সক্ষম হৈছে। সেইদৰে মুম্বাইৰ আক্ৰমণো আছিল মোহন বাগানতকৈ অধিক। তাৰ মাজতে অৱশ্যে ৪৪ মিনিটত মোহন বাগানৰ হৈ প্ৰথম তথা একমাত্ৰ গ'লটো কৰে জেছন কামিংছে।
ইয়াৰ পিছত দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাৰ পিছতেই ৫২ মিনিটত মুম্বাইৰ হৈ প্ৰথমে ক্ষমতাসূচক গলটো কৰে পেৰেৰাই। ইয়াৰ পিছত ক্ৰমে ৮১ মিনিটত বিপিন সিঙে দ্বিতীয়টো গ'ল কৰে আৰু ৯০ মিনিট অতিক্ৰম কৰাৰ পাছত অতিৰিক্ত ৭ মিনিটত তৃতীয়টো গ'ল কৰে জেকুবে।
BIPIN GOAL IN ISL FINAL ™️#ISLFinal #MBSGMCFC #ISL #ISL10 #LetsFootball #ISLPlayoffs #MumbaiCityFC #BipinSingh | @Sports18 @MumbaiCityFC @bipin_thounajam pic.twitter.com/y8BKJzlIO8
— Indian Super League (@IndSuperLeague) May 4, 2024
Also Read: 'আউট অফ দিছ ৱৰ্ল্ড'- টি২০ বিশ্বকাপৰ শীৰ্ষ গীতে বৃদ্ধি কৰিছে আকৰ্ষণ...