
ডিজিটেল ডেস্ক : দক্ষিণ কোৰিয়াৰ বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত হিজাব পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ কৰা হ'ল খেলুৱৈৰ । এই ঘটনা সংঘটিত হ'ল ইৰানৰ তেহৰানত । ইৰানত মহিলা খেলুৱৈ সকলে শিৰত পৰিধান কৰিব লাগে হিজাব যি পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ কৰা হ'ল পৰ্বতাৰোহী এলনাজ ৰেকাবিৰ বাসগৃহ ।
ইৰানত ৰাজহুৱা স্থানত হিজাব পৰিধান নকৰাৰ বাবেই মৰেল পুলিছিঙৰ বলি হৈ মৃত্যুক সাৱটি লৈছিল মাহচা আমিনি নামৰএগৰাকী যুৱতীয়ে । তাৰ পাছতেই উত্তাল হৈ পৰিছিল সমগ্ৰ ইৰাণ । হিজাব পৰিধান নকৰাকৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল সহস্ৰাধিক নাৰী । সেই প্ৰতিবাদৰ অংশ স্বৰূপেই এলনাজ ৰেকাবিয়ে হিজাব পৰিধান নকৰাকৈ অৱতীৰ্ণ হৈছিল দক্ষিণ কোৰিয়াত চলিত বৰ্ষত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত । চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত সমগ্ৰ বিশ্বৰ পৰাই লাভ কৰিছিল সমৰ্থন এই সাহসী পদক্ষেপৰ বাবে ।
কিন্তু শেহতীয়াকৈ সমগ্ৰ ঘটনাই ল'লে এক নতুন ৰূপ । ইৰানৰ প্ৰতিবাদী পৰিৱেশ কিছু সুস্থিৰ হোৱাৰ গইণা লৈয়ে ইৰান চৰকাৰে উচ্ছেদ অভিযান চলালে খেলুৱৈ গৰাকীৰ বাসগৃহত । সমগ্ৰ বিশ্ব মহিলা সকলৰ এক শক্তিশালী কন্ঠস্বৰূপ হৈ পৰা খেলুৱৈ গৰাকীৰ এই দুৰ্দশা যেন আশা কৰা নাছিল কোনো লোকেই কিন্তু ইৰান চৰকাৰৰ কঠোৰ নীতিৰ সন্মুখত যেন দুৰ্বল বিশ্ব ।
অৱশ্যে হিজাব পৰিধান নকৰা সন্দৰ্ভত আন এক ভাষ্য হে প্ৰদান কৰে খেলুৱৈ গৰাকীয়ে । খেলৰ পূৰ্বে প্ৰয়োজনীয় পোছাক পৰিধান কৰি থকাৰ ব্যস্ততাতহে হেনো হিজাব পৰিধান কৰিবলৈ পাহৰি গৈছিল খেলুৱৈ গৰাকীয়ে । খেলুৱৈ গৰাকীৰ এই ভাষ্যৰ অন্তৰালত থকা দুচিন্তা, শংকা যেন সকলোৱে অনুধাৱন কৰিবলৈ সক্ষম হৈছে বৰ্তমান ।
সমগ্ৰ বিশ্বৰ সন্মুখতে এক কাৰ্যৰ বাবে নায়ক হিচাপে পৰিগণিত হোৱাৰ পাছতো একে কাৰ্যৰ বাবেই নিজৰ দেশত গৃহহীন হৈ পৰাৰ পৰিস্থিতিয়ে খেলুৱৈ এগৰাকীৰ মনত সৃষ্টি কৰিব পৰা দ্বন্দই আগন্তুক সময়ত খেলুৱৈ গৰাকীৰ মানসিক স্বাস্থ্য আৰু খেলৰ প্ৰদৰ্শনত প্ৰভাৱ পেলোৱাটো নিশ্চিত...