অসমৰ গুপ্তহত্যাৰ আলমত বলিউডত নিৰ্মাণ চিনেমাঃ ৯ ডিচেম্বৰত পাব মুক্তি...

অসমৰ গুপ্তহত্যাৰ আলমত বলিউডত নিৰ্মাণ চিনেমাঃ ৯ ডিচেম্বৰত পাব মুক্তি...
অসমৰ গুপ্তহত্যাৰ আলমত বলিউডত নিৰ্মাণ চিনেমাঃ ৯ ডিচেম্বৰত পাব মুক্তি...

ডিজিটেল ডেস্কঃ অগপ চৰকাৰৰ আমোলত অসমত সংঘটিত হোৱা গুপ্তহত্যাৰ ঘটনাৰ আলমত বলিউডত নিৰ্মিত হৈছে চিনেমা। বলিউডত নিৰ্মাণ কৰা হৈছে গুপ্তহত্যাৰ সেই আতংকময় পৰিস্থিতি আৰু ভাৰতীয় সেনাৰ অত্যাচাৰৰ বিভীষিকাময় পৰিস্থিতিক সামৰি এখন বাস্তৱভিত্তিক ছবি।

Shadow Assassins নামৰ এই ছবিখন অহা ৯ ডিচেম্বৰত মুক্তি লাভ কৰিব। নীলাঞ্জনা ৰীতা দত্তই প্ৰযোজনা কৰা এই ছবিখনৰ সন্দৰ্ভত শনিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰে।

সংবাদ মেলত নীলাঞ্জনা ৰীতা দত্তই কয় যে, প্ৰাক্তন ন্যায়াধীৱ কে এন শইকীয়াৰ তদন্ত প্ৰতিবেদনৰ উপৰিও তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। অসমৰ ৯০ দশকৰ গ্ৰাম্যঞ্চলৰ সেই ৰক্তাক্ত সময়খিনি এই চিনেমাখনৰ জৰিয়তে তুলি ধৰা হৈছে।

অসমৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা মৃতদেহ, সেই সময়ৰ সেনা- আৰক্ষীৰ অভিযান চিনেমাখনত দেখুওৱা হৈছে। অৱশ্যে চিনেমাখনৰ কাহিনী কাল্পনিক। তথাপিও ইয়াৰ পটভূমি সম্পূৰ্ণ বাস্তৱ।

ছবিখনৰ কাহিনী সন্দৰ্ভত দত্তই কয় যে, বলিউডে অসমৰ বহু জীৱন্ত কাহিনী সদায়েই উপক্ষিত কৰি আহিছে। সমগ্ৰ বিশ্বক অসমৰ প্ৰেক্ষাপটত এখন ছবি নিৰ্মাণ কৰি ৯০ ৰ দশকত অসমৰ সেই ক'লা অধ্যায়ৰ আভাস দিবলৈ চেষ্টা কৰা হৈছে।

ছবিখন নিৰ্মাণৰ বাবে খৰছ কৰা হৈছে ৩.৫ কোটি টকা। ছবিখনত অভিনয় কৰিছে অসমৰ লগতে কলকাতা আৰু বলিউডৰ কেইবাজনো জনপ্ৰিয় অভিনেতাই।

বলিউড অভিনেতা অনুৰাগ সিনহা, দাক্ষিণাত্যৰ প্ৰতিষ্ঠিত অভিনেত্ৰী মিষ্টি চক্ৰৱৰ্তী, হেমন্ত খেৰ, ৰাকেশ চতুৰ্বেদী ওম, সৌম্য মুখাৰ্জী আদিয়ে অভিনয় কৰিছে এই ছবিখনত।

অসমৰ মনোজ বৰকটকী, ৰঞ্জিৱলাল বৰুৱা, স্তুতি চৌধুৰী, ভায়োলেট নাজিৰ তিৱাৰী, ৰঞ্জিতা বৰুৱা, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ, বিভূতিভূষণ হাজৰিকা আদিক দেখা পাব এই ছবিখনত।

বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জাভেদ আলী, জুবিন গাৰ্গে কণ্ঠ নিগৰাইছে এই ছবিখনত। আনহাতে কষ্টিউম গৰিমা শইকীয়া গাৰ্গৰ। ছবিখনৰ দৃশ্য গ্ৰহণ কৰা হৈছে পুনে আৰু অসমৰ বিভিন্ন স্থানত।

হিন্দী ভাষাত নিৰ্মাণ কৰা এই ছবিখন সমগ্ৰ দেশতে একেলগে মুক্তি লাভ কৰিব। একেদৰে বিদেশতো ছবিখন মুক্তি দিয়াৰ চিন্তা কৰা হৈছে বুলিও প্ৰকাশ কৰিছে প্ৰযোজক গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in