/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/218b74a5-ac9e-4cd4-af3f-6ed4b3e980bf/AP_FOR_WEB_1212.jpg)
কাৰ পক্ষত আপুনি, এল এছ জি নে দিল্লী? চাওঁক কাৰ শক্তি কিমান...
ডিজিটেল ডেস্কঃ আই পি এলত আজি সন্ধিয়া ৭-৩০ বজাৰ পৰা দ্বিতীয়খন মেচত মুখামুখি হ'ব লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু দিল্লী কেপিটেলছ। এল এছ জিৰ অধিনায়ক হিচাপে আছে কে এল ৰাহুল। আনহাতে দিল্লী কেপিটেলছৰ অধিনায়ক ডেভিড ৱাৰ্নাৰ।
ৱাৰ্নাৰে প্ৰথমবাৰৰ বাবে দিল্লীক নেতৃত্ব প্ৰদান কৰিব। আই পি এলত এতিয়ালৈকে এটাও খিতাপ জয় কৰিব নোৱাৰা দিল্লীক ৱাৰ্নাৰে এইবাৰ খিতাপ জয়ৰ সোৱাদ দিব বুলি আশা কৰিছে ফ্ৰেঞ্চাইজিটোৰ সমৰ্থকসকলে।
কিয়নো ৱাৰ্নাৰৰ নেতৃত্বত খেলিয়েই হায়দৰাবাদে ২০১৬ ত খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল। দলটোৱে ১৫ ট ছিজনৰ ভিতৰত ৬ বাৰ প্লে' অফ খেলাৰ সুযোগ লাভ কৰাৰ বিপৰীতে এবাৰ ফাইনেল খেলিছে।
যোৱা ছিজনত দলটোৱে ১৪ খন মেচৰ ভিতৰত ৭ খনত পৰাস্ত হৈ পঞ্চম স্থানত আছিল। দলটোত ৱাৰ্নাৰ উপৰিও মুস্তাফিজুৰ ৰহমান, ফিল চল্ট, ৰোভমেন পাৱেল আদিৰ দৰে বিদেশী খেলুৱৈ থকাৰ উপৰিও পৃথিৱী শ্ব, অক্ষৰ পেটেল, কুলদীপ যাদৱৰ দৰে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ আছে।
Ab Raah Mein Hai Ik Dilkashi Si Barsi 💙🎶
On the road, and ready to roar in our first Game of #IPL2023 against #LSG 👋🏼#YehHaiNayiDilli#LSGvDCpic.twitter.com/vCevzgnLfd— Delhi Capitals (@DelhiCapitals) April 1, 2023
আনহাতে কে এল ৰাহুলৰ নেতৃত্বৰ এল এছ জি প্ৰৱল আত্মবিশ্বাসী হৈ আছে। আত্মপ্ৰকাশৰ ছিজনতেই দলটোৱে যি প্ৰদৰ্শন দাঙি ধৰিছিল সেই প্ৰদৰ্শনে সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল।
উন্নত প্ৰদৰ্শনৰ বাবেই দলটো প্লে'অফত উপনীত হৈছিলগৈ। মুঠ ১৪ খন মেচ খেলি দলটোৱে ৯ খনতেই বিজয় সাব্যস্ত কৰি ছেমি ফাইনেলত উপনীত হৈছিল।
নিকোলাচ পুৰাণৰ আগমণে এইবাৰ দলটোক অধিক শাক্তিশালী কৰি তুলিছে বুলিও ক্ৰিকেট বিশেষজ্ঞসকলে দাবী কৰিছে। দলটোৰ অধিনায়ক কে এল ৰাহুলৰ বেট চলিলে খেল পথাৰত যে ৰাণৰ বৰষুণ নামিব সেয়া নিশ্চিত।
কেইবাজনো বিদেশী খেলুৱৈৰে সমৃদ্ধ দলটোত আছে দীপক হুদা, ক্ৰোণাল পাণ্ডিয়া আদিৰ দৰে ভাৰতীয় খেলুৱৈ। আত্মপ্ৰকাশৰ এটা বছৰ সম্পূৰ্ণ হৈছে যদিও এল এছ জিয়ে দিল্লী কেপিটেলছক দুবাৰকৈ পৰাস্ত কৰিবলৈ সক্ষম হৈছে।
যোৱা ছিজনত দল দুটা দুখন মেচত মুখামুখি হৈছিল যদিও দুয়োখন মেচতে কে এল ৰাহুলৰ এল এছ জিয়ে বিজয় সাব্যস্ত কৰিছিল।
Match faces 🔛 point 🔥#LSGvDC | #LucknowSuperGiants | #LSG | #GazabAndazpic.twitter.com/E6mQbhDJpZ
— Lucknow Super Giants (@LucknowIPL) April 1, 2023
Also Read: বাহনখন লৈ ওলায় আহিবলৈ ১০ বাৰ ভাবকঃ আজিৰে পৰা বৃদ্ধি পালে টোলটেক্স...