/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f7d25303-116e-4f47-b63d-648c128cb5bb/AP_FOR_WEB_11.jpg)
বাহনখন লৈ ওলায় আহিবলৈ ১০ বাৰ ভাবকঃ আজিৰে পৰা বৃদ্ধি পালে টোলটেক্স...
ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যত পুনৰ সৰ্বসাধাৰণক মাধমাৰ। আজিৰে পৰা পুনৰ বৃদ্ধি পালে টোলকৰ। সমান্তৰালকৈ সোণ, ৰূপৰ অলংকাৰ, ঔষধ আদিৰো মূল্য বৃদ্ধি হৈছে। ইতিমধ্যে ইন্ধন আৰু যান-বাহনৰ অন্যান্যা সামগ্ৰীৰ মূল্য বৃদ্ধিৰে জুৰুলা কৰাৰ পিছত পুনৰ টোলটেক্স বৃদ্ধিয়ে যে সৰ্বাসাধাৰণক টেটু চেপা দিবা সেয়া নিশ্চিত।
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১ এপ্ৰিল, ২০২৩ ত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো টোল টেক্স বৃদ্ধি কৰিছে। অসমত আজিৰে পৰা ১৫ শতাংশকৈ অধিক টোল টেক্স পৰিশোধ কৰিব লাগিব। উল্লেখ্য বিগত বছৰটো অসমত ১৫ শতাংশ টোল টেক্স বৃদ্ধি কৰা হৈছিল। ট
এইদৰে প্ৰতিবছৰে ১৫ শতাংশকৈ টোল টেক্স বৃদ্ধিয়ে যান-বাহন চলাচলত কিমান অসুবিধাৰ সৃষ্টি কৰিছে অথবা মূল্য বৃদ্ধিত কিদৰে অৰহিণা যোগাইছে সেয়া সহজেই অনুমেয়। আজিৰে পৰা অসমৰ মুঠ ৭ খন টোল গেটত পূৰ্বৰ তুলনাতকৈ ১৫ শতাংশ অধিক টোল টেক্স পৰিশোধ কৰিব লাগিব।
সোণাপুৰ টেল গেটত পূৰ্বে কাৰ, ভান, জীপ আদি লঘু বাহনে এবাৰত ১২৫ টকা টোল টেক্স হিচাপে পৰিশোধ কৰিবলগীয়া হৈছিল। এতিয়াৰে পৰা সেই টোল টেক্সৰ পৰিমাণ ১৩৪ টকালৈ বৃদ্ধি পাইছে।
মিনি বাছ, লঘু বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনে এবাৰত এই টোলপ্লাজাত টেক্স পৰিশোধ কৰিছিল ২০৫ টকা। এই পৰিমাণ এতিয়া ২১৫ টকালৈ বৃদ্ধি পাইছে। একেদৰে বাছ, ট্ৰাক আদিয়ে কালিলৈকে পৰিশোধ কৰিছিল ৪৪৫ টকা। আজিৰে পৰা পৰিশোধ কৰিব লাগিব ৪৫৫ টকা।
ৰহা টোলগেটত লঘু বাহন যেনে কাৰ, জীপ, ভান আদিয়ে এবাৰত টোল টেক্স হিচাপে পৰিশোধ কৰিছিল ১১০ টকা। আজিৰে পৰা এই টেক্সৰ পৰিমাণ বৃদ্ধি পালে ১১৫ টকালৈ।
লঘু সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন আৰু মিনি বাছ আদিয়ে কালিলৈ পৰিশোধ কৰিবলগীয়া হৈছিল ১৭৫ টকা। আজিৰে পৰা নতুন নিৰিখ অনুসৰি পৰিশোধ কৰিব লাগিব ১৮৫ টকা। আনহাতে কালিলৈকে বাণিজ্যিক বাছ, ট্ৰাক আদিয়ে এবাৰত পৰিশোধ কৰিছিল ৩৭০ টকা। আজিৰে পৰা পৰিশোধ কৰিব লাগিব ৩৯০ টকা।
বাইহাটা চাৰিআলিৰ মদনপুৰ টোল গেটত পূৰ্বে কাৰ, ভান, জীপ আদিয়ে এবাৰত টোল টেক্স পৰিশোধ কৰিবলগীয়া হৈছিল ১২৫ টকা। এতিয়াৰে পৰা এই ধন বৃদ্ধি পাব ১৩০ টকালৈ।
লঘু সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন আৰু মিনি বাছে কালিলৈক এবাৰত টোল টেক্স হিচাপে পৰিশোধ কৰিছিল ২০৫ টকা। আজিৰে পৰা পৰিশোধ কৰিব লাগিব ২১০ টকা। বাছ, ট্ৰাক আদিয়ে এবাৰত পূৰ্বে পৰিশোধ কৰিছিল৪২০ টকা। আজিৰে পৰা পৰিশোধ কৰিব লাগিব ৪৪০ টকা।
সেইদৰে নগাঁৱৰ ডবকা টোল গেটত কালিলৈ টোল টেক্স হিচাপে কাৰ, ভান, জীপ আদিয়ে এবাৰত পৰিশোধ কৰিছিল ৯০ টকা। আজিৰে পৰা এই টোলগেটত এনে বাহনে পৰিশোধ কৰিব লাগিব ৯৫ টকা।
সামগ্ৰী কঢ়িওৱা লঘু বাণিজ্যিক বাহনে কালিলৈ এই টোল গেটট টোল টেক্স পৰিশোধ কৰিছিল ১৪৫ টকা। আজিৰে পৰা পৰিশোধ কৰিব লাগিব ১৫০ টকা। সেইদৰে বাছ, ট্ৰাক আদিয়ে পূৰ্বে পৰিশোধ কৰা ৩০৫ টকাৰ পৰিৱৰ্তে আজিৰে পৰা ৩২০ টকা টোল টেক্স হিচাপে পৰিশোধ কৰিব লাগিব। এইদৰেই ৰাজ্যৰ মুঠ ৭ খন টোল গেটত আজিৰে পৰা টোল টেক্স বৃদ্ধি পাইছে।
টোল টেক্স এইদৰে বৃদ্ধিৰ বিৰুদ্ধে চিৰাঙত আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। সেইদৰে সৰ্বভাৰতীয় প্ৰফেচনেল কংগ্ৰেছেও এই টোল টেক্স বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
দলটোৰ অসম ৰাজ্যিক ইউনিটৰ সভাপতি তথা ৰাজ্যিক কংগ্ৰেছৰ সম্পাদক গৌৰৱ সোমানীয়ে কয়, এন এইচ এ আইয়ে ট্ৰাক চালক আৰু যাত্ৰীসকলৰ বাবে উপযুক্ত সা-সুবিধা, সুৰক্ষা ব্যৱস্থা, ফেন্সিং আৰু শৌচাগাৰ অবিহনে সমগ্ৰ অসমতে টোল প্লাজা স্থাপন কৰি আছে। একেদৰে তেওঁ নিয়ম অনুসৰি বিগত বছৰৰ তুলনাত পথত চলাচল কৰা বাহনৰ সংখ্যা বৃদ্ধি পালে টোল মাচুল বৃদ্ধি কাৰ্যকৰী কৰিব নালাগে বুলিও মন্তব্য কৰিছে।
তেওঁ কয়, প্ৰতি ৬০ কিলোমিটাৰৰ মূৰে মূৰে অধিক সংখ্যক টোল প্লাজা অন্তৰ্ভুক্ত হোৱাৰ বাবে ৰাজ্যবাসীয়ে অতিৰিক্ত টোল কৰ দিবলগীয়া হৈছে। অসমৰ ভৌগোলিক অৱস্থানৰ বাবে দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত সামগ্ৰী আৰু সামগ্ৰীৰ পৰিবহণ ব্যয় অধিক।
ইয়াৰ পিছত টোল টেক্স বৃদ্ধিৰ ফলত ইফালে সিফালে যাতায়তৰ খৰচত প্ৰভাৱ পৰিব, যাৰ ফলত অৰ্থনীতি আৰু মুদ্ৰাস্ফীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। মন কৰিবলগীয়া যে যোৱা বছৰ চৰকাৰে ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৫ শতাংশ টোল টেক্স বৃদ্ধি কৰিছিল। গতিকে প্ৰতি বছৰে ১৫ শতাংশ টোল টেক্স বৃদ্ধিৰ ফলত ৰাজ্যখনৰ অত্যাৱশ্যকীয় আৰু অপ্ৰয়োজনীয় উভয় সামগ্ৰীৰ মূল্যত যথেষ্ট প্ৰভাৱ পৰিব।
তলৰ লিংত ক্লিক কৰি পঢ়ক আৰু কি কি সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ল আজিৰ পৰা-
Also Read: আজিৰে পৰা বাঢ়িল ঔষধ, সোণ, ৰূপ, বাহনপ মূল্যঃ কমিল কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য...