খেল নহয়, ঠিক যেন এখন বলিউড চিনেমা ! নায়ক নহয় মহানায়ক ধোনি...

খেল নহয়, ঠিক যেন এখন বলিউড চিনেমা ! নায়ক নহয় মহানায়ক ধোনি...
খেল নহয়, ঠিক যেন এখন বলিউড চিনেমা ! নায়ক নহয় মহানায়ক ধোনি...

ডিজিটেল ডেস্কঃ যোৱা দুদিন ধৰি আহমেদাবাদৰ আকাশত মেঘে যি কাল ৰূপ ধাৰণ কৰিছিল সেই ৰূপে ঘৰুৱা দল গুজৰাট টাইটানছৰ মুখত হাঁহি বিৰিঙাই ৰাখিছিল যদিও 'হালধীয়া আৰ্মি'ৰ সমৰ্থকসকলক চিন্তিত কৰি ৰাখিছিল। প্ৰতিকুল বতৰো গুজৰাটৰ বাবে হৈ পৰিছিল আশীৰ্বাদ।

কিয়নো বৰষুণৰ বাবে সংৰক্ষিত দিনটোতো মেচ বাতিল হোৱা মানেই গুজৰাটৰ হাতত আই পি এল-২০২৩ ৰ খিতাপ তুলি দিয়া। কিন্তু সংৰক্ষিত দিনটোত মেচখনৰ টছ আৰম্ভ হোৱাৰ পৰাই গোটেই মেচখনৰ পৰিৱেশ, পৰিস্থিতি ঠিক যেন এখন বলিউড থ্ৰিলাৰৰ দৰেই আগবাঢ়িছিল।

আছিল এক্সন, ছাচপেঞ্চ, শ্বাসৰুদ্ধকৰ ক্লাইমেক্স আৰু ৰোমান্স। যদিও চি এছ কে আৰু গুজৰাটৰ মাজত চলিছিলি ফাইনেলৰ যুঁজ তথাপিও অৱশ্যে ভিলেইন হিচাপে পৰিগণিত হ'ল বৰষুণ।

নায়কৰ পৰা মহানায়কলৈ ৰূপান্তৰ হ'ল মহেন্দ্ৰ সিং ধোনি। দক্ষিণৰ চুপাৰষ্টাৰ ৰজনী কান্তৰ দৰেই আকৌ মেচখন শেষ কৰিলে ছাৰ ৰবীন্দ্ৰ জাডেজাই। পৰাজিত হৈয়ো বিপক্ষৰ লগতে লাখ লাখ ক্ৰিকেট অনুৰাগীৰ হৃদয় জিনিলে মোহিত শৰ্মা, ছাই সুদৰ্শনে।

২৮ মাৰ্চৰ পৰা ৩০ মে'ৰ মাজনিশালৈ চলা আই পি এলৰ ষষ্ঠদশ সংস্কৰণৰ প্ৰায় প্ৰতিখন মেচেতেই সৃষ্টি হৈছিল শ্বাসৰুদ্ধকৰ পৰিস্থিতি। প্ৰায় প্ৰতিখন মেচতেই সৃষ্টি হৈছে ৰেকৰ্ড। সকলোৰে সাক্ষী কোটি কোটি অনুৰাগী।

কেতিয়াবা যদি অন্তিম অভাৰত ৫ টা ছয় কোবাই ৰিংকু সিঙৰ দৰে অখ্যাত খেলুৱৈ নিশাৰ ভিতৰতে নায়কলৈ ৰূপান্তৰ হৈছে, ভাৰতীয় জাতীয় দলত স্থান লাভৰ বাট মুকলি হোৱাৰ প্ৰসংগ উত্থাপন হৈছে, ঠিক সেইদৰেই য়ছ দয়ালৰ দৰে বলাৰে খেলপথাৰত নমাৰ মানসিক শক্তি হেৰুৱাই পেলাইছে।

২০০ ৰো অধিক ৰাণৰ পৰ্বতোসম লক্ষ্য কনোবাই যদি সহজতে অতিক্ৰম কৰিছে আন কাৰোবাৰ বাবে ১৫০ ৰো কম ৰাণৰ স্ক'ৰ হৈ পৰিছে পৰ্বতোসম। প্ৰায় প্ৰতিখন মেচতে চলা এনে উত্তেজনা অব্যাহত থাকিল ফাইনেল মেচখনটো।

টছত জয় লাভ কৰি চেন্নাই চুপাৰ কিংছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ বপৰীতে গুজৰাটক বেটিং কৰিবলৈ আমন্ত্ৰণ জনালে ধোনিয়ে। ছাই সুদৰ্শনৰ ৪৭ বলত ৯৬ ৰাণ, ঋদ্ধিমান সাহাৰ ৩৯ বলত ৫৪ ৰাণ আৰু চলিত ছিজনত ৩ টাকৈ শতক নিজৰ নামত কৰা শুভমণ গিলৰ বেটৰ পৰা আহিল ২০ টা বলত ৩৯ ৰাণ।

যাৰ সহায়ত গুজৰাটে ২০ অভাৰ বেটিং কৰি সংগ্ৰহ কৰে ২১৪ ৰাণ। শুভমণ গিলক ধোনিয়ে ষ্টাম্পিং কৰাৰ সেই দৃশ্যই আলোড়িত কৰি তুলিছিল ধোনি অনুৰাগীসকলক।

নিৰ্ধাৰিত ২১৫ ৰাণৰ লক্ষ্য লৈ খেলপথাৰত চি এছ কেৰ অপেনাৰদ্বয় খেল পথাৰত নমাৰ পাছতে ভিলেইন ৰূপী বৰষুণৰ পুনৰ আগমণ হয়। অৱশ্যে গ্ৰাউণ্ড ষ্টাফৰ অশেষ যত্নৰ বাবে মাজ নিশা ১২-১০ ৰ পৰা পুনৰ আৰম্ভ হয় মেচ।

ডি এল এছ পদ্ধতিত চে এছ কেৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হয় ১৫ অভাৰত ১৭১ ৰাণৰ লক্ষ্য। এই লক্ষ্য ইমান সহজ নাছিল যদিও অৱশ্যে চি এছ কেৰ অপেনাৰদ্বয়ে সুন্দৰ আৰম্ভণিৰে মেচখনত দলটোক খোপনি পুতিবলৈ এক সুযোগ দিয়ে।

১০ অভাৰৰ পূৰ্বেই দলটোৱে ১০০ ৰাণ সীমা স্পৰ্শ কৰে। চি এছ কেৰ হৈ গায়কোৱাডে ১৬ বলত ২৬, কনৱেয়ে ২৫ বলত ৪৭, শিভম ডুবেয়ে ২১ বলত অপৰাজিত ৩২, আজিংক্য ৰাহানেৰ বেটৰ পৰা আহে ১৩ বলত ২৭ ৰাণ।

নিজৰ অন্তিমখন আই পি এল মেচত আম্বাতি ৰায়ডুৰ বেটৰ পৰা আহে অতি গুৰুত্বপূৰ্ণ ১৯ ৰাণ। মাত্ৰ ৮ টা বলতে ১৯ ৰাণ কৰি ৰায়ুডুৱে মেচৰ গতি চি এছ কেৰ ফালে ধৰি ৰখাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

অৱশ্যে কেপ্টেইন ধোনি শূন্যত আউত হ'ল যদিও ৰবীন্দ্ৰ জাডেজাই অন্তিম অভাৰৰ অন্তিম দুটা বলত ক্ৰমে ছয় আৰু চাৰি কোবাই দলটোক বিজয়ৰ লক্ষ্যত উপনীত কৰায়। তাৎপৰ্যপূৰ্ণ ভাৱে আই পি এল-২০২৩ৰ গোটেই ছিজন ৰবীন্দ্ৰ জাডেজা এনে এজন দুৰ্ভগীয়া খেলুৱৈ যাৰ ইউকেট পতন হোৱাতো সদায়েই বিচাৰিছিলি চি এছ কেৰ অনুৰাগীয়ে।

ধোনিৰ আগত বেটিং কৰিবলৈ আহিলে দলটোৰ সমৰ্থকে সদায় বিচাৰিছিল তেওঁৰ উইকেট। ধোনিৰ সৈতে ক্ৰিজত থাকিলেও বিচাৰিছিল তেওঁৰ উইকেট। অথচ সেই ৰবীন্দ্ৰ জাডেজাৰ বেটৰ পৰাই আহিল বিজয়ৰ বাবে প্ৰয়োজন হোৱা অন্তিম দুটা বলত ১০ ৰাণ।

অন্তিম অভাৰৰ এই উত্তেজনা ইমানেই বৃদ্ধি পাইছিল যে কেপ্টেইন কুল হিচাপে পৰিচিত মহেন্দ্ৰ সিং ধোনিয়েও বন্ধ কৰিদিছিল তেওঁৰ চকু। খেলৰ অন্তত ট্ৰফী দাঙি লোৱাৰ দৰেই ধোনিয়ে দাঙি ল'লে জাডেজাক।

একেদৰেই জাডেজা আৰু আম্বাতি ৰায়ডুক মঞ্চৰ পৰা গ্ৰহণ কৰিবলৈ দিলে পঞ্চমটো আই পি এলৰ ট্ৰফী। লগে লগে আই পি এলৰ সোণালী ইতিহাসত আকৌ লিপিবদ্ধ হ'ল হালধীয়া সেনাৰ সোণালী অধ্যায়, মহানায়কৰ শাৰীলৈ উন্নিত হোৱা ধোনিৰ আন এক অধ্যায়। যাৰ বাবে মাইকেল ভগানৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে ক'বলৈ বাধ্য হ'ল হোৱাইট বল ক্ৰিকেটত ধোনিয়েই শ্ৰেষ্ঠ।

খেল নহয়, ঠিক যেন এখন বলিউড চিনেমা ! নায়ক নহয় মহানায়ক ধোনি...
শিৱসাগৰ বিজেপিত অন্তঃকন্দল: পদত্যাগ কৰিলে ১৬ সদস্যই...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in