শিৱসাগৰ বিজেপিত অন্তঃকন্দল: পদত্যাগ কৰিলে ১৬ সদস্যই...

শিৱসাগৰ বিজেপিত অন্তঃকন্দল: পদত্যাগ কৰিলে ১৬ সদস্যই...

ডিজিটেল ডেস্ক : শিৱসাগৰ বিজেপিত অন্তঃকন্দল। সোমবাৰে সামাজিক মাধ্যমৰ সক্ৰিয় কৰ্মীৰ সৈতে মুখ্যমন্ত্রীৰে হোৱা বাৰ্তালাপ কাৰ্যসূচীলৈ নিমন্ত্রণ নজনোৱাৰ ক্ষোভত পদত্যাগ কৰে শিৱসাগৰ বিজেপিৰ সদস্যই। সদ্যপগত্যাগী সদস্যসকল আছিল জিলা সামাজিক মাধ্যম কোষৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সামাজিক মাধ্যম কোষৰ কাৰ্যকৰ্তাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত হৈছিল বাৰ্তালাপ। সেই বাৰ্তালাপত নিমন্ত্ৰণ জনোৱা নহ'ল শিৱসাগৰৰ এইসকল সদস্যক। পদত্যাগ কৰা দলটোত আছে ১৬ গৰাকীকৈ সদস্য।

মন কৰিবলগীয়া যে, যি সময়ত খোদ প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী উভয়ে সকলো দলীয় সদস্যৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবে বুথ পৰ্যায়ত সভা অনুষ্ঠিত কৰে, ঠিক তেনে সময়তে মুখ্যমন্ত্ৰীৰ এই বাৰ্তালাপত বিভাগীয় সদস্যই আমন্ত্ৰণ নোপোৱাত স্বাভাৱিকতেই প্ৰশ্নই দেখা দিছে। সেয়েহে এই পদত্যাগে বাৰুকৈয়ে প্ৰভাৱিত কৰিব বিজেপিৰ ভিতৰচ'ৰাত।

শিৱসাগৰ বিজেপিত অন্তঃকন্দল: পদত্যাগ কৰিলে ১৬ সদস্যই...
জালুকবাৰীত ফৰেনচিক বিশেষজ্ঞৰ দল: তন্নতন্নকৈ পৰীক্ষা দুৰ্ঘটনাস্থলী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in