বিৰাটৰ অভিলেখেও ৰক্ষা কৰিব নোৱাৰিলে আৰ চি বিক...

বিৰাটৰ অভিলেখেও ৰক্ষা কৰিব নোৱাৰিলে আৰ চি বিক...
বিৰাটৰ অভিলেখেও ৰক্ষা কৰিব নোৱাৰিলে আৰ চি বিক...

ডিজিটেল ডেস্কঃ আই পি এল ২০২৩ ৰ ৫০ সংখ্যক মেচত আজি অৱতীৰ্ণ হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু দিল্লী কেপিটেলছ। মেচখনত প্ৰথমে বেটিং কৰি আৰ চি বিৰ হৈ বিৰাট কোহলিয়ে ৪৬ বলত ৫৫ ৰাণ, ফাপ ডুপ্লেচিছে ৩২ বলত ৪৫ ৰাণ, ল’মৰৰে ২৯ বলত ৫৪ ৰাণ সংগ্ৰহ কৰে। দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৮১ ৰাণ।

বিৰাট কোহলি আজিৰ এই মেচখনতে নিজৰেই অভিলেখ ভংগ কৰি আই পি এলৰ সৰ্বাধিক ৭ হাজাৰ ৰাণ সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। অৱশ্যে বিৰাটৰ এই অভিলেখেও আৰ চি বিক ৰক্ষা কৰিব নোৱাৰিলে।

দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহি দিল্লী কেপিটেলছে মাত্ৰ ১৬ অভাৰ ৪ টা বলতে ৩ উইকেটৰ বিনিময়ত নিৰ্ধাৰিত ১৮২ ৰাণৰ লক্ষ্য অতিক্ৰম কৰি ১৮৭ ৰাণ সংগ্ৰহ কৰে। দিল্লী কেপিটেলছৰ এই জয়ৰ মূলতে আছিল পি ছল্টৰ বিধ্বংসী বেটিং।

ছল্টে মাত্ৰ ৪৫ টা বলতে সংগ্ৰহ কৰে ৮৭ ৰাণ।  আনহাতে ডেভিড ৱাৰ্নাৰে ১৪ বলত ২২ ৰাণ আৰু ৰশ্ব’ৱে ২২ বলত ৩৫ ৰাণ সংগ্ৰহ কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত ছিজনতেই আৰ চি বিয়ে নিজৰ ঘৰুৱা ষ্টেডিয়ামত দিল্লী কেপিটেলছক ২৩ ৰাণত পৰাস্ত কৰিছিল। উল্লেখ্য যে, বৰ্তমানলৈকে আৰ চি বিয়ে খেলিছে ৯ খন মেচ।

ইয়াৰ ভিতৰত ৫ খনত বিজয় সাব্যস্ত কৰাৰ লগতে ৪ খনত পৰাস্ত হৈছে। ইয়াৰ সহায়ত দলটো মুঠ ১০ পইণ্টেৰে পইণ্ট টেবুলৰ পঞ্চম স্থানত আছে।

আনহাতে দিল্লী কেপিটেলছে চলিত ছিজনত এই পৰ্যন্ত ৯ খন মেচ খেলিছে। ইয়াৰ ভিতৰত ৩ খনত বিজয় সাব্যস্ত কৰাৰ লগতে ৬ খনতেই পৰাস্ত হৈছে। দলটো মুঠ ৬ পইণ্টেৰে পইণ্ট টেবুলৰ অন্তিম স্থানত আছে।

বিৰাটৰ অভিলেখেও ৰক্ষা কৰিব নোৱাৰিলে আৰ চি বিক...
বিধ্বংসী অগ্নিকাণ্ডত দুটাকৈ বাসগৃহ ভস্মিভূতঃ অগ্নিদগ্ধ হৈ মৃত্যু শিশুৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in