আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখত পাঞ্জাৱ কিংছ

এতিয়ালৈকে আই পি এলত দুয়োটা দল ৩২খন মেচত মুখামুখি হৈছে। ইয়াৰে বাংগালুৰু ১৫খন মেচত জয়ী হোৱাৰ বিপৰীতে পাঞ্জাৱে ১৭খন মেচত জয়লাভ কৰিছে।
আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখত পাঞ্জাৱ কিংছ

ডিজিটেল ডেস্ক: চলিত আই পি এলৰ এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পাঞ্জাৱ কিংছ। দুয়োটা দলৰে প্লে-অফ খেলাৰ আশা ক্ষীণ যদিও আজিৰ মেচখন দুয়ো দলৰ বাবেই গুৰুত্বপূৰ্ণ।

কিয়নো পইণ্ট তালিকাত বাংগালুৰুৰ স্থান সপ্তম বিপৰীতে পাঞ্জাৱৰ স্থান অষ্টম। আজিৰ মেচখনত জয়ী হৈ পইণ্ট তালিকা উন্নত কৰাই দুয়ো দলৰ লক্ষ্য।

অৱশ্যে বাকী থকা ৩খন মেচত দুয়োটা দলে বিশাল ব্যৱধানত জয়ী হ’লে প্লে-অফৰ সমীকৰণ ওলোটা হোৱাৰ সম্ভাৱনা নুই কৰি নোৱাৰি।

এতিয়ালৈকে আই পি এলত দুয়োটা দল ৩২খন মেচত মুখামুখি হৈছে। ইয়াৰে বাংগালুৰু ১৫খন মেচত জয়ী হোৱাৰ বিপৰীতে পাঞ্জাৱে ১৭খন মেচত জয়লাভ কৰিছে।

এই দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে আজিৰ মেচখনত পাঞ্জাৱ কিংছ ফেভাৰিট। তাতে আকৌ গৃহচহৰত অনুষ্ঠিত হ'ব। সেয়ে ঘৰুৱা দৰ্শকৰ সমৰ্থন দলটোৱে লাভ কৰিব।

অৱশ্যে শেহতীয়া প্ৰদৰ্শনৰ দিশলৈ চাই বাংগালুৰুই যিকোনো সময়তে মেচৰ গতি সলাই দিব পৰা ক্ষমতা আছে। কিয়নো সম্প্ৰতি ফৰ্মত আছে বিৰাট কোহলি, অধিনায়ক ফাফ ডু’ প্লেছি, দীনেশ কাৰ্তিক। যিকোনো মুহূৰ্ততে ভয়াৱহ হৈ উঠিব পাৰে এইকেইগৰাকী বেটাৰ।

গতিকে আজিৰ এই মেচখনত পাঞ্জাৱ কিংছে প্ৰতিপক্ষ বাংগালুৰুক সহজভাৱে নোলোৱাই ভাল।

আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখত পাঞ্জাৱ কিংছ
চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ যাব ভাৰতীয় ক্ৰিকেট দলঃ পূৰণ হ'ব লাগিব মাত্ৰ এটা চৰ্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in