/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e505b6a8-1b0b-4a1a-9792-ed3de17e82f0/ipl_live_score_rr_vs_rcb_2024_ipl_2024_rr_vs_rcb_rr_vs_rcb_live_rr_vs_rcb_live_score_live_ipl_d8dd35.avif)
ডিজিটেল ডেস্ক : ৰাজস্থান ৰয়েলৰ শিবিৰত হাঁহিৰ বন্যা। বিপৰীতে পুনৰ স্বপ্ন ভংগ হৈ কান্দোনৰ ৰোল উঠিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ শিবিৰত। আহমেদাবাদত সপোন ভাঙি চূৰমাৰ হৈ গ’ল 'আনলাকী' বাংগালুৰুৰ। কাৰ্যতঃ এইবাৰো আই পি এলৰ খিতাপ দখলৰ পৰা বঞ্চিত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।
বুধবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত প্লে-অফৰ মেচখনত ৪উইকেটৰ ব্যৱধানত ৰাজস্থান ৰয়েলছে জয়লাভ কৰে। টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লোৱা ছঞ্জু ছেমছনে প্ৰতিপক্ষ বাংগালুৰুক পোনতে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3d12d5a2-e3bf-403d-8837-8a67c1dc6343/438253261_879326024000803_5167556884192880383_n.jpg)
ৰয়েল চেলেঞ্জাৰ্ছে পোনতে বেট ধৰি নিৰ্ধাৰিত অ’ভাৰত ৮টা উইকেট হেৰুৱাই ১৭২ ৰান সংগ্ৰহ কৰে। দলৰ হৈ বিৰাট কোহলিয়ে ৩৩, অধিনায়ক ডুপ্লেছিয়ে ১৭, ৰজত পাটিদৰে ৩৪ ৰানৰ বৰঙণি যোগায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/627404e0-458a-4f42-8e3d-d1dfc3ef63c0/444154043_879336827333056_7128206996653153516_n.jpg)
ইয়াৰোপৰি শেষৰ ফালে মহিপাল লমাৰে ৩২ ৰানৰ অনবদ্য বৰঙণি যোগাই দলৰ ভেঁটি সুদৃঢ় কৰে। আনহাতে প্ৰতিপক্ষ ৰাজস্থানৰ আবেশ খানে ৩টা আৰু ৰবিচন্দ্ৰন অশ্বিনে ২টা উইকেট দখল কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cd8ab7c1-f8f8-4f36-b544-22e4d6d31485/445242617_879375170662555_1712945869789451150_n.jpg)
১৭৩ ৰানৰ বিজয় লক্ষ্য সন্মুখত লৈ খেলপথাৰত নমা ৰাজস্থানে ৬টা উইকেট হেৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক পৰাস্ত কৰে। ইনিংছৰ মুকলি কৰা অ’পেনাৰদ্বয় যশস্বী জয়ছোৱাল ৪৫ আৰু টম কোহলেৰ ২০ ৰানৰ সুন্দৰ আৰম্ভণি কৰে। অৱশ্যে ৰয়েল চেলেঞ্জাৰ্ছৰ নিয়ন্ত্ৰিত বলিঙৰ বাবে কিছুসময়ৰ শ’লঠেকত পৰা ৰাজস্থানক উদ্ধাৰ কৰে অসম সন্তান ৰিয়ান পৰাগে। ৰিয়ানে ধৈৰ্য্যসহকাৰে ইনিংছটো আগুৱাই নিয়ে যদিও তেঁও ৩৬ ৰান কৰি পেভিলিয়নমুখী হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/bb1b493f-598f-4a0b-b3fa-70af461890fc/441511518_848393453999471_8398711996210600147_n.jpg)
অৱশ্যে শেষৰ ফালে ছিমৰণ হেটমায়াৰ ২৬ আৰু ৰবমন পোৱেলে ১৬(অপঃ) ৰানৰে ৰাজস্থানক ফাইনেললৈ আৰু এখোজ আগবঢ়াই নিয়াত অন্যতম ভূমিকা পালন কৰে। উল্লেখযোগ্য যে ২৪ মে’ত অনুষ্ঠিত হ’ব লগা দ্বিতীয়খন কোৱালিফাইয়াৰ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ।
Also Read: বিৰাট, আৰ চি বিৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিঃ বাতিল অনুশীলন, ৪ জনক গ্ৰেপ্তাৰ...