Advertisment

কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে চেন্নাইৰ সহজ জয়লাভ : মেচৰ শ্ৰেষ্ঠ ৰবীন্দ্ৰ জাডেজা

কোনো এগৰাকী বেটাৰে চেন্নাইৰ বলাৰক প্ৰত্যাহ্বান জনাব নোৱাৰিলে। অধিনায়ক শ্ৰেয়াস আয়েৰে দলৰ হৈ সৰ্বাধিক ৩৪ ৰান সংগ্ৰহ কৰে

author-image
Asomiya Pratidin
New Update
কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে চেন্নাইৰ সহজ জয়লাভ : মেচৰ শ্ৰেষ্ঠ ৰবীন্দ্ৰ জাডেজা

ডিজিটেল ডেস্ক : আই পি এল২৪ত চেন্নাই চুপাৰ কিংছে তৃতীয় বিজয় সাব্যস্ত কৰিছে। সোমবাৰে নিশা কলকাতা নাইট ৰাইডাৰ্ছৰে হোৱা গুৰুত্বপূৰ্ণ মেচখনত চুপাৰ কিংছ অনাসয়ে জয়লাভ কৰে।

Advertisment

উল্লেখ্য যে টছত জয়ী হৈ চেন্নাইয়ে কলকাতাক বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। কলকাতাই প্ৰথমে বেট ধৰে যদিও তুষাৰ দেশপাণ্ডে, ৰবীন্দ্ৰ জাডেজা আৰু মুস্তাফিজুৰ ৰহমানৰ বলিং আক্ৰমণত দিশহাৰা হৈ ৯টা উইকেট হেৰুৱাই মাত্ৰ ১৩৭ ৰান সংগ্ৰহ কৰে। জাডেজা, দেশপাণ্ডে ৩ আৰু মুস্তাফিজুৰে ২টা উইকেট দখল কৰে।

নিম্ন স্ক'ৰীয় মেচখনত জয়ৰ লক্ষ্য সন্মুখত লৈ খেলপথাৰত নমা চেন্নাইয়ে মাত্ৰ ৩টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। চেন্নাইৰ হৈ অধিনায়ক ৰুতুৰাজ গাইকোৱাড়ে বিজয়সূচক ৬৭ৰান সংগ্ৰহ কৰে। চাপমুক্ত শিৱম ডুবে শেষৰ ফালে মাত্ৰ ১৮ বলত ২৮ৰান সংগ্ৰহ কৰি দলৰ বিজয়ত অন্যতম ভূমিকা পালন কৰে।

ইয়াৰ বিপৰীতে কলকাতাৰ বেটাৰসকল মেচখন ব্যৰ্থ হোৱা পৰিলক্ষিত হয়। কোনো এগৰাকী বেটাৰে চেন্নাইৰ বলাৰক প্ৰত্যাহ্বান জনাব নোৱাৰিলে। অধিনায়ক শ্ৰেয়াস আয়েৰে দলৰ হৈ সৰ্বাধিক ৩৪ ৰান সংগ্ৰহ কৰে। ইফালে মিতব্যয়ী বলাৰ হিচাপে বিবেচিত জাডেজাই ১৮ৰান ব্যয় কৰি ৩টা উইকেট দখলেৰে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

Also Read: প্ৰচাৰ চলাবলৈ নাই ধন ! অধীৰৰঞ্জনক মহিলাই দিলে সাহাৰ্য্য

MS Dhoni chennai super kings IPL 2024 Kolkata Knight Riders t20 cricket sports