প্ৰচাৰ চলাবলৈ নাই ধন ! অধীৰৰঞ্জনক মহিলাই দিলে সাহাৰ্য্য

লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ নাই ধন !

author-image
Asomiya Pratidin
New Update
প্ৰচাৰ চলাবলৈ নাই ধন ! অধীৰৰঞ্জনক মহিলাই দিলে সাহাৰ্য্য

ডিজিটেল ডেস্ক : পুঁজিৰ সংকটত ভুগিছে কংগ্ৰেছ দল। সমাগত লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ নাই ধন !

Advertisment

সেইবাবেই পশ্চিমবংগৰ মুৰ্ছিবদাবাদ জিলাৰ মহিলাই কংগ্ৰেছ নেতা অধীৰৰঞ্জন চৌধুৰীক নিৰ্বাচনী প্ৰচাৰত সহায় হোৱাকৈ দান কৰিছে আৰ্থিক সাহাৰ্য্য। জানিব পৰামতে উক্ত জিলাখনৰ ১১গৰাকী মহিলাই কংগ্ৰেছ নেতাগৰাকীক ১১ হাজাৰ টকা নিৰ্বাচনী প্ৰচাৰৰ বাবে দান হিচাপে আগবঢ়ায়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি চৌধুৰীয়ে ১৯৯৯ চনৰ পৰাই বেৰহামপুৰ সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। তেনেস্থলত এইগৰাকী সাংসদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধনৰ নাটনি হোৱা কথাই চৰ্চা লাভ কৰিছে।

Also Read: বিজেপি ত্যাগ কৰিলে প্ৰাক্তন কেবিনেট মন্ত্ৰীয়ে, যোগদান কৰিব কংগ্ৰেছত

west bengal LOKSABHA 2024 Berhampore congress Adhir Ranjan Chowdhury