/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/02e152b0-fa1b-4fa1-9531-2c08222d5425/PTI05_25_2024_000462A_0_1716646883499_1716646905392.webp)
ডিজিটেল ডেস্ক : য'ত আৰম্ভণি, তাতেই শেষ হ'ব আই পি এলৰ সপ্তদশ সংস্কৰণ। দুমাহ পূৰ্বে চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত আৰম্ভ হৈছিল আই পি এলৰ সপ্তদশ সংস্কৰণৰ মেচ।
চেন্নাই চুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত অনুষ্ঠিত মেচেৰে শুভাৰম্ভ হৈছিল চলিত আই পি এলৰ। আজি আই পি এল২৪ৰ অন্তিম দিন। একেই ষ্টেডিয়াম,মাত্ৰ বেলেগ দল।
আই পি এলৰ খিতাপ দখলৰ যুঁজৰ সাক্ষী হৈ ৰ'ব এম এ চিদম্বৰম ষ্টেডিয়াম। এই মহাযুঁজত অৱতীৰ্ণ হ'ব দুই মহাশক্তি কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ।
তৃতীয়বাৰৰ বাবে খিতাপৰ যুঁজত নামিব শ্বাহৰুখ খান মালিকনাধীন কলকাতা নাইট ৰাইডাৰ্ছ। আনহাতে দ্বিতীয়বাৰৰ বাবে খিতাপ হস্তগত কৰাৰ বাবে যুদ্ধংদেহি পেট কামিন্স নেতৃত্বাধীন ছানৰাইজাৰ্ছ হায়দৰাবাদ।
আজিৰ এই ফাইনেল মেচখনকলৈ উভয় দলে ৰচনা কৰিছে বিশেষ বিশেষ ৰণনীতি। প্ৰতিপক্ষৰ বেটাৰক বান্ধি ৰখাই মূল লক্ষ্য উভয় দলৰ। ভুলৰ নাই ক্ষমা।
ইতিমধ্যে শেহতীয়া মেচত ৰাজস্থান ৰয়েলছক প্লে-অফ তথা দ্বিতীয়খন কোৱালিফায়াৰ মেচত ধৰাসায়ী কৰি শক্তিৰ উমান দিছে পেট কামিন্স নেতৃত্বাধীন হায়দৰাবাদে। ইফালে প্ৰথমটো দল হিচাপে ফাইনেললৈ যাত্ৰা কৰা কলকাতায়ো গভীৰ আত্মবিশ্বাসী। লীগ পৰ্যায়ৰ মেচৰ দ্বিতীয় পৰ্বৰ পৰাই যুদ্ধংদেহি প্ৰত্যাৱৰ্তনেৰে তালিকাৰ শীৰ্ষস্থান আৰোহণ কৰি শক্তিৰ উমান দি থৈছে।
মুঠৰ ওপৰত উভয় দলৰ শক্তিকলৈ নাই কোনো প্ৰশ্ন ! আজিৰ মেচখনকলৈ পূৰ্বানুমান কৰাটোও হৈ পৰিছে কঠিন। ভাৰতৰ পিটছ সন্দৰ্ভত অষ্ট্ৰেলিয়ান তাৰকা পেট কামিন্স যথেষ্ট অভিজ্ঞ। কি পৰিস্থিতিত কেনেকৈ দলক স্বম্ভালিব লাগে সেই ক্ষেত্ৰত সিদ্ধহস্ত কামিন্স।
পেট কামিন্সৰ নেতৃত্বতে অষ্ট্ৰেলিয়াই এদিনীয়া বিশ্বকাপ কিদৰে ভাৰতৰ মুখৰ পৰা কাঢ়ি নিছিল, সেই কথা পাহৰি যোৱা নাই ভাৰতীয় দলৰ সদস্য তথা কলকাতাৰ অধিনায়ক শ্ৰেয়াস আয়াৰে। এতিয়া সেই কথা অতীত। কাৰ্যতঃ হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে কলকাতাক খিতাপ জয়ৰ সোৱাদ দিব বিচাৰে শ্ৰেয়াসে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কেংগাৰু তাৰকা ডেভিদ ৱাৰ্ণাৰৰ নেতৃত্বত ৫বছৰ পূৰ্বে অৰ্থাৎ ২০১৬ত প্ৰথমবাৰৰ বাবে খিতাপ জয়ৰ সোৱাদ পাইছিল ছানৰাইজাৰ্ছে। এতিয়া দ্বিতীয়বাৰৰ বাবে নিজক সাজু কৰি তুলিছে দলটোৱে।
যদিহে এইবাৰো হায়দৰাবাদে খিতাপ দখল কৰিব পাৰে তেন্তে ই হ'ব এক অভিলেখ ! কিয়নো পূৰ্বে ডেক্কান ছাৰ্জাৰ্ছ হৈ থকা সময়ছোৱাত অষ্ট্ৰেলিয়াৰ গীলখ্ৰীষ্টৰ নেতৃত্বত ২০০৯ত খিতাপ জয় কৰিছিল।
এতিয়া নতুন নাম ছানৰাইজাৰ্ছ হায়দৰাবাদ হোৱাৰ পাছত ২০১৬ত অষ্ট্ৰেলিয়াৰে ৱাৰ্ণাৰৰ নেতৃত্বত জয়ী কৰিছিল খিতাপ আৰু আজি সেই একেই দলৰে পেট কামিন্সৰ সন্মুখত সুবৰ্ণ সুযোগ। চেন্নাই মন্থৰ গতিৰ উইকেটে কাক সংগ দিয়ে সেয়া হ'ব লক্ষ্যণীয়। অপেক্ষ মাথো সময়লৈ।
Also Read: বিশ্বকাপত আৰম্ভণিৰ পৰাই থাকিব দীনেশ কাৰ্তিক