/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8f5e5eae-36e2-461b-8faf-3d132027c6e6/AP_FOR_WEB_ipl.jpg)
ইতিহাসৰ পুনৰাবৃত্তি ! আৰ চি বিৰ সন্মুখত দিশহাৰা ৰাজস্থান ৰয়েলছ...
ডিজিটেল ডেস্কঃ হঠাৎ ছন্দ পতন হ’ল ৰাজস্থান ৰয়েলছৰ। আই পি এল-২০২৩ ৰ আৰম্ভণিতে দমণীয় প্ৰদৰ্শনেৰে পইণ্ট টেবুলৰ শীৰ্ষত থকা ৰাজস্থান ৰয়লেছে আজিৰ মেচত কৰা প্ৰদৰ্শনে কেৱল দলটোৰ অনুৰাগীকে নহয় সকলো ক্ৰিকেট অনুৰাগীকে আচৰিত কৰি তুলিছে।
দলটোৰ অপেনাৰদ্বয় তৰুণ ক্ৰিকেটাৰ যশস্বী জযছোৱাল আৰু অভিজ্ঞ বেটছমেন জছ বাটলাৰৰ দুৰ্দান্ত বেটিঙে ৰাজস্থানক প্ৰতিখন মেচতে এক মাইলেজ প্ৰদান কৰি আহিছিল। ধাৰাবাহিক সফলতা লাভ কৰা এই দুই বেটছমেনৰ ওপৰত অধিক ভৰসা আৰু মিডল অৰ্ডাৰ বেটছমেনৰ দায়িত্বীনতাৰ বাবেই যেন দলটোৱে আজিৰ এইদৰে নিৰ্লজ্জ প্ৰদৰ্শন আগবঢ়ায়।
আই পি এলৰ আজিৰ প্ৰথমখন মেচত প্ৰথমে বেটিং কৰি ৫ টা উইকেট হেৰুৱাই আৰ চি বিয়ে ১৭১ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ফাফ দুপ্লেছিয়ে ৫৫ ৰাণ আৰু মেক্সোৱেলে ৫৪ ৰাণ সংগ্ৰহ কৰে।
ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত লক্ষ্য সহজেই অনুসৰণ কৰাৰ এক মানসিকতাৰে খেল পথাৰত নামিছিল যদিও দলটোৱে চূড়ান্ত ব্যৰ্থতাৰ হে নিদৰ্শন দাঙি ধৰে। মাত্ৰ ৫৯ ৰাণতে দলটোৱে হেৰুৱাই আটাইকেইটা উইকেট।
অপেনাৰদ্বয় যশস্বী জয়ছোৱাল, জছ ৱাটলাৰকে ধৰি মুঠ ৫ জনে শূন্য ৰাণ, অধিনায়ক সঞ্জু চেমচন আৰু পাড়িকলে ৪ ৰাণকৈ, ধ্ৰুৱ জোৰেলে ১ আৰু আদাম জাম্পাই ২ ৰাণৰ বৰঙণি আগবঢ়ায়। দলটোৰ হৈ সৰ্বাধিক ৰাণ কৰে চিমৰণ হেটমায়াৰে।
হেটমায়াৰৰ বেটৰ পৰা আহে সৰ্বাধিক ৩৫ ৰাণ। আনহাতে দলটোৰ হৈ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে জু ৰোটে। তেওঁ দললৈ আগবঢ়ায় ১০ ৰাণৰ অৱদান।
আই পি এলৰ ইতিসাহত এয়া তৃতীয় সৰ্ব নিম্ন স্কোৰ। ইয়াৰ পূৰ্বে আৰ চি বিৰ বিৰুদ্ধেই ৰাজস্থান ৰয়েলছে ৫৮ ৰাণত ইনিংছ সামৰিছিল। অৱশ্যে আই পি এলৰ ইতিহাসত সৰ্বনিম্ন দলীয় স্ক’ৰ গৰাকীৰ এতিয়াও অধিকাৰী হৈ আছে আৰ চি বি।
বিৰাট কোহলিৰ নেতৃত্বত খেলা আৰ চি বিয়ে কলকাতাৰ বিৰুদ্ধে ৪৯ ৰাণতেই আটাইতেকেইটা উইকেট হেৰুৱাই সৰ্বনিম্ন দলীয় স্কোৰৰ গৰাকী হোৱাৰ দুৰ্ভাগ্যৰ বলি হৈছে। আৰু সেই ৰেকৰ্ড এতিয়াও অক্ষত অৱস্থাত আছে।
Mandatory King Kohli celebration post! 👑🔥#PlayBold #ನಮ್ಮRCB #IPL2023 #RRvRCB pic.twitter.com/Oalhjxjl61
— Royal Challengers Bangalore (@RCBTweets) May 14, 2023
Also Read: জনসমুদ্ৰত পৰিণত ঢকুৱাখনাৰ ম'হ ঘুলি চাপৰি...