জনসমুদ্ৰত পৰিণত ঢকুৱাখনাৰ ম'হ ঘুলি চাপৰি...

জনসমুদ্ৰত পৰিণত ঢকুৱাখনাৰ ম'হ ঘুলি চাপৰি...
জনসমুদ্ৰত পৰিণত ঢকুৱাখনাৰ ম'হ ঘুলি চাপৰি...

ডিজিটেল সংবাদ ঢকুৱাখনা: বৌদ্ধিক, শৈক্ষিক, আধ্যাত্মিক আৰু সাংস্কৃতিক বৈভবেৰে সমৃদ্ধ ঢকুৱাখনা। বৰ অসমৰ বুনিয়াদ সমৃদ্ধিশালী কৰি তোলা এই ঢকুৱাখনাৰ মাজেৰে চিৰ প্ৰবাহমান চাৰিকড়িয়া, কঢ়া ,ডাংধৰা নদীৰ সংগমস্থলত অৱস্থিত ঐতিহাসিক মহঘুলি চাপৰিৰ পাৰিপাৰ্শ্বিক পৰিবেশত শতিকা জুৰি উদযাপিত হৈ আহিছে ঢকুৱাখনাবাসীৰ প্ৰাণস্পন্দন ঐতিহাসিক ফাটবিহু।

ভিন্ন জাতি জনগোষ্ঠীৰ মিলন ক্ষেত্ৰ এই মহঘুলি চাপৰিৰ বুকুত যুগজয়ী পৰম্পৰা অক্ষুন্ন ৰাখি শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে ২০২৩ বর্ষৰ ফাটবিহু মহোৎসৱ। তিনি দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপিত ফাটবিহুৰ দেওবাৰে অন্তিম দিনা লক্ষ লক্ষ দৰ্শকৰ অভূতপূৰ্ব সমাগমেৰে জনসমূদ্ৰলৈ ৰূপান্তৰিত হয় বিহু বাকৰি। 

পুৱাৰ পৰাই পৰুৱাৰ দৰে লানি নিছিগা জনশ্ৰুত আৰু অগণন বিহুৱা বিহুৱতীৰ হৰ্ষো উল্লাখ আৰু ঢোল পেঁপা গগনা টকাৰ ছন্দোময়তাত অন্তিম দিনা ফাট বিহুৰ ইতিহাস সমৃদ্ধ কৰি প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকী বিহুবাকৰিত উপস্থিত হয়। অগণন দৰ্শকৰ উষ্ণ সম্ভাষণ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বিহু বাকৰিত উপস্থিত হৈ জনসমূদ্ৰক উদ্দেশ্যি প্ৰদান কৰা ভাষণত ফাটবিহু অসমীয়া জাতিয় জীৱনৰ স্পন্দন বুলি অভিহিত কৰি এই স্বকীয় লোক মহোৎসৱ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মহামিলনৰ উৎসবলৈ ৰূপান্তৰিত হৈছে বুলি কয় ।

নৈ পৰীয়া ঐতিহ্যৰ মাজেৰে লোক সংস্কৃতিৰ বাটেৰে থলুৱা লোক সংস্কৃতিয়ে কিদৰে  জীৱন্ত ৰূপ পাব পাৰে তাক ফাটবিহু নেদেখিলে অনুভৱ কৰিব নোৱাৰে বুলি মন্তব্য কৰে । অসমীয়া লোক সংস্কৃতিৰ এক বৰ্ণিল স্বৰূপ ফাটবিহুৱে জাতিয় কৃষ্টি সংস্কৃতিক কিদৰে উদ্ভাসিত কৰি আহিছে সেয়া বৰ্ণনাতীত বুলি কৈ এনে এক মহা লোক উৎসৱত উপস্থিত থাকিবলৈ পায় অত্যন্ত গৌৰৱ অনুভৱ কৰা বুলি কয়।

তেঁও ফাট বিহুৰ সৰ্বাংগীন বিকাশ আৰু উত্তৰণৰ বাবে এক পৰিকল্পিত প্ৰাককলন  প্ৰস্তুত কৰি অহা বর্ষৰ ফাটবিহুৰ পূৰ্বে এক নতুনত্ব আনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সুভাষ দত্ত, বিধায়ক মানৱ ডেকা ,সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ দলে , প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, সমাজকৰ্মী জগদীশ দত্ত আদি উপস্থিত থকা সভাৰ পাছতেই শুভাৰম্ভ কৰা হয় বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা ।

অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে শুভ উদ্বোধন কৰা বাৰেৰহনীয়া  সাংস্কৃতিক শুভাযাত্ৰাত বড়ো ,মিচিং, ৰাভা, সোণোৱাল কছাৰী, চাওতালী , নেপালী, দেউৰীকে প্ৰমুখ্য কৰি  বিভিন্ন জাতি জনগোষ্ঠীৰ কেইবা সহস্ৰাধিক সংস্কৃতিপ্ৰেমীয়ে অংশগ্ৰহণ কৰি নব্য মাত্ৰা প্ৰদান কৰে। ৭ জোৰা গায়ন বায়ন, আয়তীৰ দল, বিহু দল, টকা বিহু দল,কোচ ৰাজবংশী কৃষ্টি দল, তিৱা কৃষ্টি দল, বড়ো কৃষ্টি দল, ৰাভা কৃষ্টি দল, তাই , মিচিং কৃষ্টি দল, হাজং কৃষ্টি দল, চুতীয়া কৃষ্টি দল, মটক কৃষ্টি দল, মাছ ধৰা দৃশ্য, আশা কৰ্মী দল, বহুৱা কৃষ্টি দল, জয়মতী, মুগা পালন দৃশ্য, মোমাই কটা দৃশ্য, শগুন সংৰক্ষণ দৃশ্য,  আপং চকা দৃশ্য, বেংগলী লোক দৃশকে ধৰি মুঠ ৬৩ টা  সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে।

সমন্বয়ৰ বাণী বিলোৱা এই বিশাল শোভাযাত্ৰা উদ্বোধন কৰি গীতাৱলী ৰাজকুমাৰীয়ে এনে এক বিশাল জনসমুদ্ৰ বিশিষ্ট শোভাযাত্ৰা উদ্বোধন কৰিবলৈ পায় গৌৰৱাম্বিত আৰু অভিভূত হোৱা বুলি কয় । জাতিয় উৎসৱ বিহুক লৈ হোৱা এনে স্বতঃস্ফূৰ্ত জন সমাগম বিহুৰ প্ৰতি শ্ৰদ্ধাশীল নহলে বুকুত অসমীয়াত্ব নাথাকিলে এনে হ'ব নোৱাৰে বুলি  প্ৰত্যেয়েৰে কয়।

তেওঁ অসমীয়া জাতিয় কৃষ্টিক জানিবলৈ  বিহু সম্পৰ্কে শিকিবলৈ প্ৰতিজন অসমীয়া ঢকুৱাখনালৈ আহক বুলিও আহ্বান জনায়। বিহু কি, কাক কয়, সেই কথা ঢকুৱাখনাৰ ফাটবিহুৰ পৰা শিকক বুলি কয় ।

তেওঁ কয় ফাটবিহু যেতিয়ালৈকে জীয়াই  থাকিব অসমীয়াৰ মান ,অসমীয়াৰ স্বাভিমান অনাদি অনন্ত কাললৈ জীয়াই থাকিব। ইয়াৰ পাছতেই অনুষ্ঠিত হয় ফাটবিহুৰ সুকীয়া পৰিচয় মুকলি বিহু প্ৰতিযোগিতা ।

বিহু বাকৰিৰ মুকলি গছ বিৰিষৰ তলত অনুষ্ঠিত এই জেং বিহু প্ৰতিযোগিতাত অৰ্ধ শতাধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে ।বিয়লি অনুষ্ঠিত মুকলি সভাত শিক্ষাবিদ ড০ অঞ্জন জ্যোতি চৌধুৰীয়ে নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰি মননশীল বক্তব্য আগবঢ়াই। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে গৰিমাময় পৰিবেশত মুকলি সভা অনুষ্ঠিত কৰাৰ পাছতে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত ফাটবিহুৰ সামৰণি মৰা হয়।

জনসমুদ্ৰত পৰিণত ঢকুৱাখনাৰ ম'হ ঘুলি চাপৰি...
এখন শাৰী আৰু IPS, IRS হোৱা দুই কন্যাৰ 'লাকী মা'...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in