কমা নাই বৰষুণঃ বাতিল আই পি এলৰ আজিৰ ফাইনেল মেচ...

কমা নাই বৰষুণঃ বাতিল আই পি এলৰ আজিৰ ফাইনেল মেচ...

author-image
Asomiya Pratidin
New Update
কমা নাই বৰষুণঃ বাতিল আই পি এলৰ আজিৰ ফাইনেল মেচ...

ডিজিটেল ডেস্কঃ আহমেদাবাদত কমা নাই বৰষুণ। নৰেন্দ্ৰ মোডী ষ্টেডিয়াম ভিজিছে বৰষুণত। এনে পৰিস্থিতিত আজি অনুষ্ঠিত হ'বলগীয়া আই পি এলৰ ফাইনেল মেচখন ৰিজাৰ্ভ ডে'লৈ পিছুৱাই দিয়া হৈছে।

আই পি এলৰ সূচী প্ৰস্তুত কৰাৰ সময়তে ফাইনেল মেচখনৰ বাবে নিৰ্ধাৰণ কৰি থোৱা হৈছিল ৰিজাৰ্ভ ডে'। নিৰ্ধাৰিত সেই সূচী অনুসৰি ২৯ মে' আছিল ৰিজাৰ্ভ ডে'।

যিহেতু এতিয়াও আহমেদাবাদত বৰষুণ কমাৰ কোনো লক্ষ্যণ দেখা নাই সেয়ে আজিৰ ফাইনেল মেচখন বাতিল কৰি কালিলৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এয়া আনুষ্ঠানিক খবৰ নহয়। বি চি চি আইৰ সূত্ৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰাহে খবৰ।

Also Read: ধেমাজিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বাৰা গছপুলি ৰোপণ...

আই পি এল