অসম্ভৱক সম্ভৱ কৰি তুলিলে দিল্লীয়ে ! পৰাস্ত কৰিলে শক্তিশালী গুজৰাটক...

অসম্ভৱক সম্ভৱ কৰি তুলিলে দিল্লীয়ে ! পৰাস্ত কৰিলে শক্তিশালী গুজৰাটক...
অসম্ভৱক সম্ভৱ কৰি তুলিলে দিল্লীয়ে ! পৰাস্ত কৰিলে শক্তিশালী গুজৰাটক...

ডিজিটেল ডেস্কঃ অনিশ্চয়তাৰ খেল ক্ৰিকেট। সেই কথাক পুনৰবাৰৰ প্ৰমাণ কৰিলে আই পি এলৰ ২ মে', মঙ্গলবাৰৰ গুজৰাট টাইটানছ আৰু দিল্লী কেপিটেলছৰ মাজৰ মেচখনত। আই পি এল ২০২৩ ৰ পইণ্ট টেবুলৰ শীৰ্ষত আছে গুজৰাট টাইটানছ। আনহাতে পইণ্ট টেবুলৰ একেবাৰে তলত আছে দিল্লী কেপিটেলছ।

মঙ্গলবাৰৰ এই মেচখনত ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছেই আছিল ফেভাৰিট। চলিত আই পি এলত গুজৰাটৰ প্ৰদৰ্শন বেটে, বলে উজ্জিৱীত। বিপৰীতে দিল্লী কেপিটেলছে আৰম্ভণিৰে পৰা বেটিং আৰু বলিং বিপৰ্যয়ত ভূগি আহিছে।

তাৰ পাছপতো এই মেচখনত দিল্লীয়ে পৰাস্ত কৰিবলৈ সক্ষম হ’ল শক্তিশালী গুজৰাটক। মেচখনত প্ৰথমে টছত জয় লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয় দিল্লী কেপিটেলছে।

প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজত নমা দলটোৱে পূৰ্বৰ দৰেই বেটিং বিপৰ্যয়ত ভূগি মাত্ৰ ২৪ ৰাণতে হেৰুৱাই ৫ টাকৈ উইকেট। তাৰ মাজতে মিডল অৰ্ডাৰ বেটছমেন অক্ষৰ পেটেল আৰু অমন হাকিমে দলটোক এটা নিৰ্দিষ্ট গতি দিবলৈ সক্ষম হয়।

অত্যন্ত কঠিন অৱস্থাত অক্ষৰ পেটেলে দললৈ ২৭ আৰু হাকিমে ৫১ ৰাণৰ বৰঙণি অগবঢ়ায়। আন এগৰাকী বেটছমেন ৰিপলৰ বেটৰ পৰাও আহে ২৩ ৰাণ।

পৰিণতিত দলটোৱে ২০ অভাৰত সংগ্ৰহ কৰে ১৩০ ৰাণ। প্ৰথম ইনিংছৰ অন্তত সকলোৱে এই মেচখন দিল্লী কেপিটেলছে অনায়াসে জয় কৰিব পাৰিব বুলি ধাৰণা কৰিছিল যদিও দিল্লী কেপিটেলছৰ বলিং আক্ৰমণত এই শক্তিশালী দলটেও হেৰুৱাই স্বাভাৱিক ছন্দ।

দলটোৱে মাত্ৰ ৩৪ ৰাণতে হেৰুৱাই ৪ টাকৈ উইকেট। দলটোৰ শক্তিশালী বেটছমেন শুভমন গিল, ঋদ্ধিমান সাহা, মিলাৰ, বিজয় শংকৰ সকলো বিফল হয়।

তাৰ মাজতে অধিনায়ক পাণ্ডিয়া আৰু অভিনৱ মনোহৰে দায়িত্ব সহকাৰে বেটিং কৰি দলটোক বিজয়ৰ বাবে চেষ্টা চলায় যদিও ৫ ৰাণত পৰাস্ত হয় দলটো। গুজৰাট টাইটানছৰ এই পৰাজয়ৰ মূলতে আছিল দিল্লী কেপিটেলছৰ বলিং আক্ৰমণ।

অৱশ্যে গুজৰাটৰ এই পৰাজয় আৰু দিল্লীৰ বিজয়ৰ পাছতো পইণ্ট টেবুলত দল দুটাৰ স্থান কোনো সালসলনি হোৱা নাই। এতিয়াও গুজৰাট ১২ পইণ্টেৰে শীৰ্ষত থকাৰ বিপৰীতে ৬ পইণ্টেৰে দিল্লী আছে অন্তিম স্থানত।  

অসম্ভৱক সম্ভৱ কৰি তুলিলে দিল্লীয়ে ! পৰাস্ত কৰিলে শক্তিশালী গুজৰাটক...
বিপদত ৰাহুল ! নাপালে তাৎক্ষণিক সকাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in