বিপদত ৰাহুল ! নাপালে তাৎক্ষণিক সকাহ...

বিপদত ৰাহুল ! নাপালে তাৎক্ষণিক সকাহ...
বিপদত ৰাহুল ! নাপালে তাৎক্ষণিক সকাহ...

ডিজিটেল ডেস্কঃ বিপদমুক্ত হোৱা নাই কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। নেতাগৰাকীয়ে মানহানিৰ গোচৰ সন্দৰ্ভত গুজৰাট উচ্চ ন্যায়ালয়ত দাখিল কৰা আৱেদনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি গুজৰাট উচ্চ ন্যায়ালয়ে সেই ৰায় সুৰক্ষিত কৰি ৰাখিছে।

২০১৯ ৰ এক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীয়ে সেই ৰায়ক গুজৰাট উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।গুজৰাট হাই ক'ৰ্টে মংগলবাৰে ৰাহুল গান্ধীক এই গোচৰ সন্দৰ্ভত অন্তিম সকাহ দিয়াৰ পৰা বিৰত থাকে।

ন্যায়াধীশ হেমন্ত প্ৰচ্চকে গৰমৰ বন্ধৰ পাছতহে এই গোচৰৰ সিদ্ধান্ত ঘোষণা কৰিব। উল্লেখ্য যে, ৫ মে’ ত গুজৰাট উচ্চ ন্যায়ালয়ৰ অন্তিম ৱৰ্কিং ডে’।

ইয়াৰ পাছত এমাহলৈ ন্যায়ালয় গৰমৰ বন্ধৰ বাবে বন্ধ থাকিব। পৰৱৰ্তী মাহৰ ৫ তাৰিখেহে পুনৰ ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ হ’ব।

সেয়ে তাৰ পৰৱৰ্তী সময়তহে এই গোচৰ সন্দৰ্ভত ন্যায়ালয়ে সিদ্ধান্ত প্ৰকাশ কৰিব।উল্লেখ্য, যোৱা ২৩ মাৰ্চত গুজৰাটৰ চুৰটৰ এখন ন্যায়ালয়ে ৰাহুল গান্ধীয়ে ২০১৯ ৰ এক নিৰ্বাচনী সভাত মোডী উপাধি সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে মানহানীৰ গোচৰত দোষী সাব্যস্ত কৰি তেওঁক ২ বছৰৰ কাৰাদণ্ড বিহিছিল।

ন্যায়ালয়ত ৰাহুল গান্ধীয়ে তেওঁৰ ওপৰত আৰোপ কৰা শাস্তি প্ৰত্যাহাৰৰ বাবে দাখিল কৰা আৱেদনক অগ্ৰাহ্য কৰাত তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

বিপদত ৰাহুল ! নাপালে তাৎক্ষণিক সকাহ...
দেৱাংগনা সহিত আন ছাত্ৰৰ জামিনৰ বিৰুদ্ধে আৰক্ষীয়ে কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in