পাকিস্তানী ক্ৰিকেট দলত অন্তঃকন্দল ! বাবৰ, আফ্ৰিদিক সন্তুষ্ট কৰিবলৈ সলনি হ'ব নেতৃত্ব..

পাকিস্তানী ক্ৰিকেট দলত অন্তঃকন্দল ! বাবৰ, আফ্ৰিদিক সন্তুষ্ট কৰিবলৈ সলনি হ'ব নেতৃত্ব..

ডিজিটেল ডেস্কঃ এচিয়া কাপ-২০২৩ৰ চুপাৰ ফ'ৰৰ মেচত ভাৰতৰ বিৰুদ্ধে নিৰ্লজ্জ আত্মসমৰ্পণৰ উপৰিও শ্ৰীলংকাৰ বিৰুদ্ধে পৰাজিত হৈ প্ৰতিযোগিতাখনৰ পৰাই বাহিৰ হোৱা পাক দলটোৰ ভিতৰচৰাত আৰম্ভ হৈছে অন্তঃকন্দল। এদিনীয়া ফৰ্মেটৰ শীৰ্ষ স্থানত থকা দলটোৰ এই বিপৰ্যয়ৰ পাছতে দলটোৰ ড্ৰেছিং ৰুমৰ পৰিৱেশ পূৰ্বৰ দৰে হৈ থকা নাই।

অধিনায়ক বাবৰৰ বিৰুদ্ধে মুকলিলৈ মুখ খুলিছে কেইবাজনো ক্ৰিকেটাৰে। তাৰ ভিতৰত আছে বাবৰ আজমৰ ঘনিষ্ঠ বুলি পৰিচিত শ্বাদাৱ খান। ইয়াৰোপৰি শ্ৰীলংকাৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছতে ড্ৰেছিং ৰুমত বাবৰ আজমৰ মন্তব্যৰ বিৰুদ্ধে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল বেগী বলাৰ শ্বাহিনশ্বাহ আফ্ৰিদিয়ে।

এনে পৰিস্থিতিত পাকিস্তান ক্ৰিকেট দলটোক লৈ আৰম্ভ হৈছে চৰ্চা। দলটোৰ ভিতৰচৰাত সংঘটিত অন্তঃকন্দলে এনে পৰ্যায় পাইছেগৈ যে, ভাৰতত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্বকাপৰ পূৰ্বে দলটোৰ নেতৃত্ব সলনি হোৱাৰ সম্ভাৱনাই দেখা দিছে।

এক বাতৰি প্ৰতিষ্ঠানে প্ৰকাশ কৰা খবৰ অনুসৰি, আগন্তুক আই চি চি এদিনীয়া বিশ্বকাপৰ পূৰ্বে সলনি হোৱাৰ সম্ভাৱনা আছে পাকিস্তানী ক্ৰিকেট দলৰ উপ- অধিনায়ক। উল্লেখ্য যে, উপ-অধিনায়ক শ্বাদাৱ খানৰ ফৰ্ম শেহতীয়াকৈ দুৰ্বল হৈছে। তাৰ পাছতো বাবৰ আজমে তেওঁক বেক কৰি আহিছে।

কিন্তু এচিয়া কাপত দেখা দিয়া বিপৰ্যয়ৰ পাছতে বাবৰ আজমৰ বিৰুদ্ধে এই শ্বাদাৱ খানেই মুকলিকৈ মন্তব্য কৰিছিল। ইফালে শ্বাদাৱ খানৰ প্ৰদৰ্শন তথা উপ-অধিনায়কৰ দৰে গুৰুত্বপূৰ্ণ পদবীক লৈও অসন্তুষ্ট দলটোৰ একাংশ সদস্য। এনে পৰিস্থিতিত বৰ্তমানৰ উপ-অধিনায়ক শ্বাদাৱ খানৰ পৰা উপ-অধিনায়কৰ দায়িত্ব কাঢ়ি আনি ফাষ্ট বলাৰ শ্বাহিন আফ্ৰিদিৰ হাতত ন্যস্ত কৰিব বুলিও প্ৰকাশ পাইছে। ইয়াৰ অন্তৰালত আছে আন এক ৰাজনীতি।

আনহাতে ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এচিয়া কাপত সন্মুখীন হোৱা বৃহৎ বিফলতাৰ পিছত পাকিস্তানী দলটোৰ মাজত সৃ্ষ্টি হৈছে সংঘাত। বিশেষকৈ শ্ৰীলংকাৰ হাতত পৰাস্ত হোৱাৰ পাছতে পাকিস্তানী দলটোৰ অধিনায়ক বাবৰ আজম আৰু ফাষ্ট বলাৰ শ্বাহিন আফ্ৰিদি বাকযুদ্ধত মিলিত হৈছিল।

প্ৰকাশিত খবৰ অনুসৰি, বাবৰে আজমে এচিয়া কাপৰ শৃংখলাটোত জ্যেষ্ঠ খেলুৱৈসকলৰ প্ৰদৰ্শনীক লৈ প্ৰশ্ন উত্থাপন কৰে। শ্বাহিন আফ্ৰিদিয়ে বাবৰ আজমৰ কথাত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, তেওঁ সকলোকে এইদৰে প্ৰশ্ন কৰাটো উচিত নহয় আৰু যিসকলে ভাল খেলিছে তেওঁলোককো এইক্ষেত্ৰত সামৰি লোৱাটো ঠিক কথা নহয়। ইয়াৰ প্ৰত্যুত্তৰত অধিনায়ক বাবৰ আজমে কয় যে, কোনে ভাল খেলিছে আৰু কোনে ভাল খেল নাই এই বিয়ষে তেওঁ ভালদৰে অৱগত।

শ্ৰীলংকাৰ সৈতে পৰাস্ত হোৱাৰ পিছত সংবাদমেল অভিমুখে যাওঁতে বাবৰ আজমে দলৰ কোনো সদস্যৰ সৈতে কথা নোহোৱাৰ এক খবৰো প্ৰকাশ কৰিছে পাকিস্তানৰ ব'ল নিউজ নামৰ এক সংবাদ প্ৰতিষ্ঠানে। ইফালে পাকিস্তানী দলটোৰ শেহতীয়া প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৰ ভিতৰচৰাত যিদৰে বাবৰ আজমৰ বিৰুদ্ধে একাংশ খেলুৱৈয়ে মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছে ঠিক সেইদৰে আন একাংশ প্ৰাক্তন খেলুৱৈও বাবৰৰ অধিনায়কত্বক লৈ সন্তুষ্ট নহয়। তেওঁলোকে এদিনীয়া বিশ্বকাপৰ পূৰ্বেই বিচাৰিছে দলটোত নতুন অধিনায়ক।

এনে পৰিস্থিতিত পাক ক্ৰিকেট ব'ৰ্ডে দলটোৰ ভিতৰচৰাত দেখা দিয়া এই পৰিস্থিতি আঁতৰ কৰিবলৈ তথা শ্বাহিনশ্বাহ আফ্ৰিদিক সন্তুষ্ট কৰিবলৈ উপ-অধিনায়ক শ্বাদাৱ খানক আঁতৰাই শ্বাহিনশ্বাহ আফ্ৰিদিক এই দায়িত্ব প্ৰদান কৰাৰ কথা চিন্তা কৰিছে। বাবাৰ আজমৰ অধিনায়কত্বক লৈ যদিও একাংশ সন্তুষ্ট নহয় তথাপিও বাবৰ আজমৰ দৰে তাৰকা ক্ৰিকেটাৰক অধিনায়কৰ দৰে পদৰ পৰা অপসাৰিত কৰিবলৈ সাহস কৰা নাই পাক দলটোৱে। কিয়নো সন্মুখত আছে বিশ্বকাপ।

একেদৰে পাকিস্তানৰ বলিং আক্ৰমণৰ অন্যতম শক্তি শ্বাহিনশ্বাহ আফ্ৰিদিকো অসন্তুষ্ট কৰিব বিচৰা নাই। সেয়ে সাতে-সোতৰই মিলি পাক ক্ৰিকেট ব'ৰ্ডে বাবৰৰ বিৰুদ্ধে মুখা খুলা আৰু দুৰ্ৱল ফৰ্মৰ মাজেৰে সময় পাৰ কৰা শ্বাদাৱ খানৰ পৰাই উপ-অধিনায়কৰ দৰে দায়িত্ব কাঢ়ি আনি বিদ্ৰোহ দমনৰ চেষ্টা চলাইছে।

পাকিস্তানী ক্ৰিকেট দলত অন্তঃকন্দল ! বাবৰ, আফ্ৰিদিক সন্তুষ্ট কৰিবলৈ সলনি হ'ব নেতৃত্ব..
ঢকুৱাখনাত খাদ্যত বিষক্ৰিয়াঃ ১২ ঘণ্টাত পুনৰ ১২ গৰাকী আক্ৰান্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in