ঢকুৱাখনাত খাদ্যত বিষক্ৰিয়াঃ ১২ ঘণ্টাত পুনৰ ১২ গৰাকী আক্ৰান্ত

ঢকুৱাখনাত খাদ্যত বিষক্ৰিয়াঃ ১২ ঘণ্টাত পুনৰ ১২ গৰাকী আক্ৰান্ত

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত খাদ্যত বিষক্ৰিয়াঃ ১২ ঘণ্টাত পুনৰ ১২ গৰাকী আক্ৰান্ত

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাত ক্ৰমাৎ বৃদ্ধি পাই আছে খাদ্যত বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা। মঙলবাৰে পুনৰ ১২ গৰাকী ব্যক্তি নতুনকৈ আক্ৰান্ত হৈছে। ১নং থেকেৰাগুৰি গাঁওৰ শিশুৰ পৰা বৃদ্ধলৈ নতুনকৈ আক্ৰান্ত সকলক হাৰ্হি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি মঙলবাৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Advertisment

ইতিমধ্যে দুপৰীয়া পৰ্যন্ত গুৰুতৰভাৱে আক্ৰান্ত ৭ গৰাকীক ধেমাজি জিলা অসামৰিক চিকিৎসালয়লৈ উন্নত জৰুৰী চিকিৎসা প্ৰদানৰ বাবে প্ৰেৰণ কৰা হৈছে । ১ নং থেকেৰাগুৰি গাঁওৰ ঘৰে ঘৰে খাদ্যত বিষক্ৰিয়া হোৱাকলৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ।

আনহাতে অঞ্চলবাসী ৰাইজে হাৰ্হি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত অতিৰিক্তভাৱে নূন্যতম ১০খন বিচনা সংযোজন কৰি ৰোগীৰ চিকিৎসা ব্যৱস্থা কৰাৰ দাবী জনাইছে । উল্লেখযোগ্য যে, "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ বাতৰিৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলা আয়ুক্ত শোণিত সত্বাৱন সোমবাৰে নিশা ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিল।

জিলা আয়ুক্ত গৰাকীয়ে হাৰ্হি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিছিল যদিও ৰোগীৰ বাবে পৰ্যাপ্ত বিচনা আৰু চিকিৎসক চিকিৎসা কৰ্মী উপলব্ধ নোহোৱাত চিকিৎসাধীন আক্ৰান্তসকল দুৰ্বিসহ সমস্যাৰ সন্মুখীন হৈছে। আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত ক্ৰমাৎ ভয়াবহ ৰূপ লোৱাৰ আশঙ্কা কৰা হৈছে।

সন্ধিয়ালৈ পুনৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি ঘটাৰ আশংকা কৰা হৈছে। এই স্পৰ্শকাতৰ ঘটনাকলৈ স্বাস্থ্য বিভাগৰ লগতে জিলা আৰু ঢকুৱাখনা মহকুমা প্ৰশাসন অধিক তৎপৰ হোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Also Read: খেতিত স্থাপন কৰা অবৈধ বৈদ্যুতিক তাঁৰত বিদ্যুৎপৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

food poisoning dhakuakhona