এইবাৰো ৰানাৰ্ছ আপতেই সন্তুষ্ট হ'ব নেকি টীম ইণ্ডিয়া ?

এইবাৰো ৰানাৰ্ছ আপতেই সন্তুষ্ট হ'ব নেকি টীম ইণ্ডিয়া ?

ডিজিটেল ডেস্ক : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল । বিজয়ীৰ শিৰত টেষ্ট চেম্পিয়নৰ খিতাপ । ক্ৰিকেটৰ প্ৰথম সংস্কৰণ টেষ্টত অষ্ট্ৰেলিয়া, ইংলেণ্ডক দমন কৰি আন কোনো দল জয়ী হোৱাটো কোনো সাধাৰণ কথা নহয় । সেই অনুপাতে সংগ্ৰামো কৰিব লগীয়া হয় যথেষ্ট ।

এইবাৰ ফাইনেল আছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত । ভাৰতে ক্ৰমাগতভাৱে দুবাৰকৈ ফাইনেল খেলাৰ সুযোগ লাভ কৰিলে টেষ্ট চেম্পিয়নশ্বিপত । এইবাৰৰ খেলপথাৰ আছিল দুয়ো দলৰে নিৰপেক্ষ গ্ৰাউণ্ড অ'ভেল । খেলৰ পূৰ্বেই জনা গৈছিল পিটছৰ আচৰণ কেনে হ'ব আগন্তুক সময়ছোৱাত । ৬ মিলিমিটাৰ দৈৰ্ঘ্যৰ ঘাঁহেৰে পিটছ বেগী বলাৰৰ উপযোগী বুলি জনাৰ পাছত টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল ভাৰতে । ৪ জনকৈ বেগী বলাৰ লৈ যোৱা দলটোৱে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ বেটিং লাইন আপ তচনচ কৰি দিব বুলিয়েই আশা কৰিছিল সকলোৱে । কিন্তু সেইয়া হৈ নুঠিল সময়ত ।

আনহাতে, অষ্ট্ৰেলিয়াৰ বলিং আক্ৰমণতহে ভাৰতীয় দলৰ প্ৰথম ইনিংছৰ ভেটি দুৰ্বল হৈ ৰ'ল । অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত ৪৬৯ ৰানৰ বিপৰীতে ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰিলে কেৱল ২৯৬ ৰান । শোচনীয়ভাৱে বিফল হ'ল ভাৰতীয় বেটিং অৰ্ডাৰ । ৰাহানে, জাদেজা আৰু শ্বাৰদুল ঠাকুৰে ইনিংছ চম্ভালি ন'ললে সেইয়াও সম্ভৱ হৈ নুঠিল হয় । কোনোমতেহে ফ'ল' অনৰ পৰা বাচিল দলটো । অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত এতিয়ালৈ সংগ্ৰহ কৰা ১২৩ ৰানৰ সৈতেই দলটোৰ অগ্ৰগতি হ'ল ২৯৬ ৰানৰ । আজি চতুৰ্থটো দিন । ভাৰতৰ সন্মুখত ৪০০ ৰানৰ লক্ষ্য বান্ধি দিলেও অন্তিম দিনটোত সেইয়া অতিক্ৰম কৰা সম্ভৱ হৈ নুঠিব দলটোৰ বাবে । আনহাতে, ড্ৰ' হ'লেও পইন্টৰ ক্ষেত্ৰত আগুৱাই যাব অষ্ট্ৰেলিয়া । মুঠতে কোনোমতেই বিপদমুক্ত নহয় টীম ইণ্ডিয়া । বেটিং-বলিং দুয়োটাৰে প্ৰত্যাৱৰ্তনে হয়তো কোনো চমৎকাৰ কৰিব পাৰে পৰৱৰ্তী সময়ত ।

এতিয়া প্ৰশ্ন হয়, দলটোৰ এনে শোচনীয় অৱস্থাৰ কাৰণ কি ? আই পি এলত সৰ্বস্ব উজাৰি প্ৰদৰ্শন দাঙি ধৰা দলটোৱে বাৰে বাৰে আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰত কিয় মুখ থেকেচা খাই ? টি-২০ সংস্কৰণটোৰ পৰা লাভ কৰা অগাধ ধনে ধীৰে ধীৰে খোপনি পুতিছে নেকি খেলুৱৈসকলৰ অৱচেতন মনত ? কিয়নো এনে অৱস্থা থাকিলে অতি শীঘ্ৰেই সকলো আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা আৰম্ভণিতেই বিদায় ল'ব লগীয়া পৰিস্থিতিও আহিব পাৰে দলটোৰ বাবে । এই ক্ষেত্ৰত ৰোহিত শৰ্মাৰ নেতৃত্বও এক বৃহৎ প্ৰশ্নবোধক...

এইবাৰো ৰানাৰ্ছ আপতেই সন্তুষ্ট হ'ব নেকি টীম ইণ্ডিয়া ?
শক্তিশালী ৰূপত অষ্ট্ৰেলিয়া, প্ৰথম দিনা সংগ্ৰহ ৩২৭/৩ ৰান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in