/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4340e0a9-f1d7-4bac-922f-fabe8b77f7fc/173.jpg)
ডিজিটেল ডেস্ক : চীনত চলি থকা এছিয়ান গেমছত ভাৰতে প্ৰথমটো স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়। ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতীয় দলে স্বৰ্ণ পদক লাভ কৰে।
ৰুদ্ৰাংক্ষ পাটিল,ঐশ্বৰী প্ৰতাপ সিং আৰু দিব্যাংশ সিঙে স্বৰ্ণ পদক লাভ কৰে। এই পদক জয়ৰে ভাৰতৰ পদক সংখ্যা ৯টালৈ বৃদ্ধি পায়।
সম্প্ৰতি ভাৰতে ১টা সোণ,৩টা ৰূপ আৰু ৫টা ব্ৰঞ্জ পদক লাভ কৰি তালিকাৰ সপ্তম স্থানত আছে। শীৰ্ষত আছে আয়োজক দেশ চীন। তেওঁলোকৰ পদকৰ সংখ্যা ৩০টা।
Also Read: ৰানৰ পাহাৰ দেখি স্তম্ভিত অষ্ট্ৰেলিয়া : ঘৰুৱা দলৰ শৃংখলা দখল