/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a1d66e18-ed09-41f3-b12c-debd4652f3e2/172.jpg)
ডিজিটেল ডেস্ক : সঁচা অৰ্থত বিশ্বৰ আগশাৰীৰ বেটিং লাইন-আপেৰে গঢ়া ভাৰতীয় ক্ৰিকেট দল। তাৰ প্ৰমাণ দেওবাৰে নিশা অষ্ট্ৰেলিয়াৰে অনুষ্ঠিত হোৱা মেচখনত দাঙি ধৰিলে।
অ'পেনিং বেটাৰ শুভমন গীল,শ্ৰেয়াছ আয়াৰৰ শতকৰ উপৰি অধিনায়ক কে এল ৰাহুল আৰু সূৰ্য্যকুমাৰ যাদৱৰ বিস্ফোৰক অৰ্ধশতকৰ সহায়ত ভাৰতে অষ্ট্ৰেলিয়াৰ সন্মুখত ৰানৰ পাহাৰ গঢ়ি তোলে। দলৰ হৈ গীলে ১০৪,আয়াৰে ১০৫,ৰাহুলে ৫২ আৰু সূৰ্য্যকুমাৰে ৬টা অ'ভাৰ বাউণ্ডেৰী আৰু সমসংখ্যক বাউণ্ডেৰীৰে ৭২ ৰানৰ মাৰমুখী ইনিংছ খেলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9efe27d2-4ce5-4079-b913-c3e548990843/india_australia_1st_odi_live_score_ind_vs_aus_2023_09_2502936abd62ce512f51496b9d397181_3x2.webp)
কেউগৰাকীৰে বেটিং বিক্ৰমত ভাৰতে শৃংখলাৰ দ্বিতীয়খন তথা নিৰ্ণায়ক এদিনীয়াত ৩৯৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আলহী দল অষ্ট্ৰেলিয়াই ভাৰতীয় বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি আটাইকেইটা উইকেট হেৰুৱাই ২১৭ ৰান সংগ্ৰহ কৰি পৰাজয়বৰণ কৰে।
উল্লেখযোগ্য যে বৰ্ষাবিঘ্নিত মেচখন ৩৩ অ'ভাৰলৈ হ্ৰাস কৰা হয়। সেয়ে অষ্ট্ৰেলিয়াক জয়ৰ বাবে ৩১৭ ৰানৰ লক্ষ্য বান্ধি দিয়া হয়।
ইয়াৰ পূৰ্বে তিনিখনীয়া শৃংখলাৰ প্ৰথমখন মেচতো ঘৰুৱা দল ভাৰতে জয়লাভ কৰিছিল। এই জয়ৰে ভাৰতে ২-০ৰ ব্যৱধানত শৃংখলা দখল কৰে।
ইফালে এই মেচখনত দীৰ্ঘদিনৰ অন্তত এদিনীয়া ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰা ৰবিচন্দ্ৰন অশ্বিনে ৩টা আৰু জাডেজায়ো সমসংখ্যক উইকেট দখল কৰিবলৈ সক্ষম হয়।
Also Read: দৃষ্টিহীন ভাৰতীয় মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা চিমু দাসক বিভিন্ন দল-সংগঠনৰ সম্বৰ্ধনা