পাকিস্তানৰ পৰা এছিয়া কাপ কাঢ়ি অনা ভাৰতে চীনলৈ প্ৰেৰণ কৰিব নোৱাৰিলে অৰুণাচলৰ ৩ খেলুৱৈক...

পাকিস্তানৰ পৰা এছিয়া কাপ কাঢ়ি অনা ভাৰতে চীনলৈ প্ৰেৰণ কৰিব নোৱাৰিলে অৰুণাচলৰ ৩ খেলুৱৈক...
পাকিস্তানৰ পৰা এছিয়া কাপ কাঢ়ি অনা ভাৰতে চীনলৈ প্ৰেৰণ কৰিব নোৱাৰিলে অৰুণাচলৰ ৩ খেলুৱৈক...

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে সিংহৰ দৰে গৰ্জন দিয়া কেন্দ্ৰীয় চৰকাৰৰ চীনৰ ক্ষেত্ৰত ভিজা মেকুৰীৰ দৰে আচৰণ কিয়? এই প্ৰশ্ন এতিয়া দেশৰ ক্ৰীড়া অনুৰাগীৰ। পাকিস্তানৰ সৈতে থকা তিক্ততাপূৰ্ণ সম্পৰ্কৰ বাবেই এক প্ৰকাৰে পাকিস্তানৰ পৰা এছিয়া কাপ আঁতৰাই আনি শ্ৰীলংকাত অনুষ্ঠিত কৰিবলৈ বাধ্য কৰোৱা ভাৰতে চীনলৈ প্ৰেৰণ কৰিব নোৱাৰিলে ভাৰতীয় খেলুৱৈ।

এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিও প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নোৱাৰিলে উত্তৰ পূৰ্বাঞ্চলৰ ৩ গৰাকীকৈ প্ৰতিভাৱান উশ্বু খেলুৱৈয়ে। ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এছিয়ান গেমছত উশ্বুৰ ইভেণ্টসমূহ ২৪ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছে।

কিন্তু এই প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰি ভাৰতীয় দলৰ সৈতে চীনলৈ ওলাই যোৱা উত্তৰ পূৰ্বাঞ্চলৰ ৩ গৰাকীকৈ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাকৈ ঘূৰি আহিবলৈ বাধ্য হ'ল স্বগৃহলৈ। যিসময়ত এছিয়াডত উশ্বুৰ লগতে আন আন ইভেণ্টসমূহত ভাৰতৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে, পদক জয় কৰিছে সেই সময়ত তেওঁলোক খালী হাতে উভতি আহিছে ঘৰলৈ।

চীনে অৰুণাচল সীমান্তত আগ্ৰাসন চলাই অহাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে যদিও এই আগ্ৰাসনৰ বিৰুদ্ধে আজি পৰ্যন্ত কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ভাৰত চৰকাৰে। আজি পৰ্যন্ত চীনা আগ্ৰাসনৰ বিৰুদ্ধে কোনো শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা নাই।

যাৰ বাবে বাৰে বাৰে চীনে অৰুণাচল প্ৰদেশক তেওঁলোকৰ ভূখণ্ডৰ বুলি দাবী কৰি মানচিত্ৰ প্ৰচাৰ কৰি আহিছে। কেৱল সেয়াই নহয়, অৰুণাচল প্ৰদেশৰ নাগৰিকক চীন ভ্ৰমণৰ ক্ষেত্ৰতো ভিছা প্ৰদান কৰাৰ পৰাও বিৰত আছে।

এছিয়াডলৈ যোগ্যতা অৰ্জন কৰাৰ পাছতো সেয়ে অৰুণাচলৰ ৩ গৰাকীকৈ উশ্বু খেলুৱৈক ভিছা প্ৰদান নকৰিলে চীনে। নাইমেন ৱাংশ্বু, অনিলু টেগা আৰু মেপুং লামগু নামৰ প্ৰতিভাৱান ৩ অৰুণাচলী উশ্বু খেলুৱৈয়ে চীনৰ পৰিৱৰ্তে খালী হাতেৰে হতাশ মনোভাৱেৰে নাহৰলাগুণত উপস্থিত হৈছেগৈ।

এই তিনিওগৰাকী খেলুৱৈক অৱশ্যে আৰুণাচলৰ উশ্বু সন্থা আৰু তেওঁলোকৰ পৰিয়াল, অনুগামীয়ে বিপুল আদৰণী জনাইছে। তেওঁলোক তিনিও নাহৰলাগুণত উপস্থিত হোৱাৰ পাছতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অনিলু টেগা নামৰ খেলুৱৈগৰাকীয়ে কয়, আমি আৰু অধিক কষ্ট কৰি ভৱিষ্যতৰ প্ৰতিযোগিতালৈ সাজু হম। আমি এই সমস্যা শীঘ্ৰেই সমাধান হোৱাটো বিচাৰিছো। উশ্বুৰ সকলো বৃহৎ প্ৰতিযোগিতা আগন্তুক সময়ত চীনতেই অনুষ্ঠীত হ'ব। সেয়ে যিমান পাৰি সোনকালে এই সমস্যা সমাধান হোৱাতো বিচাৰিছো। মই ভাৰত চৰকাৰক এই সমস্যা সমাধানৰ বাবে আহ্বান জনাইছো।

আনহাতে মেপুং লামগু নামৰ খেলুৱৈগৰাকীয়ে কয়, তেওঁলোক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু আছিল। কিন্তু এনে অবাঞ্চিত পৰিস্থিতিৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰিলে। তেওঁলোকে সেয়ে নিৰাশ হৈ ঘূৰি আহিছে।

উল্লেখ্য যে, চীনে ভাৰতৰ এই তিনিগৰাকী খেলুৱৈক ভিছা প্ৰদান নকৰাৰ বাবে ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে চীন ভ্ৰমণ বাতিল কৰিছে। কিন্তু চীনক এই তিনিওগৰাকী খেলুৱৈক প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ভিছা প্ৰদান কৰিবলৈ বাধ্য কৰোৱাত চূড়ান্ত ব্যৰ্থ হৈছে ভাৰত চৰকাৰ।

যি সময়ত পাকিস্তানে এছিয়া কাপৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সুযোগ পোৱাৰ পাছতো ভাৰতৰ বাবেই দেশখনে হাইব্ৰিড পদ্ধতিৰে শ্ৰীলংকাৰ সৈতে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ বাধ্য হ'ল সেই সময়ত মাত্ৰ ৩ গৰাকী খেলুৱৈক চীনত প্ৰৱেশৰ অনুমতি লোৱাত ব্যৰ্থ হ'ল ভাৰত চৰকাৰ। অৰুণাচলৰ খেলুৱৈক চীনে ভিছা প্ৰদান নকৰাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে। অথচ কোনো শক্তিশালী পদক্ষেপ লোৱা নাই ভাৰত চৰকাৰে।

পাকিস্তানৰ পৰা এছিয়া কাপ কাঢ়ি অনা ভাৰতে চীনলৈ প্ৰেৰণ কৰিব নোৱাৰিলে অৰুণাচলৰ ৩ খেলুৱৈক...
কলকাতাত উত্থাপন হ'ব BDF ৰ বৰাক উপত্যকা সামৰি পৃথক পূৰ্বাঞ্চল ৰাজ্যৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in