কলকাতাত উত্থাপন হ'ব BDF ৰ বৰাক উপত্যকা সামৰি পৃথক পূৰ্বাঞ্চল ৰাজ্যৰ দাবী...

কলকাতাত উত্থাপন হ'ব BDF ৰ বৰাক উপত্যকা সামৰি পৃথক পূৰ্বাঞ্চল ৰাজ্যৰ দাবী...
কলকাতাত উত্থাপন হ'ব BDF ৰ বৰাক উপত্যকা সামৰি পৃথক পূৰ্বাঞ্চল ৰাজ্যৰ দাবী...

ডিজিটেল ডেস্কঃ পুনৰ উত্থাপন হৈছে অসমৰ পৰা বৰাকক পৃথক কৰাৰ প্ৰসংগ। মাজে মধ্যে বৰাক উপত্যকাক সামৰি স্বতন্ত্ৰ পূৰ্বাঞ্চল ৰাজ্য গঠনৰ যি দাবী উত্থাপন হৈ আহিছিল সেই দাবীক অধিক সৱল কৰবিলৈ এইবাৰ বংগ পাইছেগৈ বৰাকৰ বঙালী নেতা।

অহা ২৭ ছেপ্টেম্বৰত বেংগলত পৃথক বৰাক বিচাৰি এক সংবাদ মেল সম্বোধন কৰিব বৰাক ডেমক্ৰকেটিক ফ্ৰণ্টে। সংগঠনৰ মতে চৰকাৰী পৰিসংখ্যা অনুসৰি অসমত বাংলাভাষীৰ সংখ্যা ১ কোটি ২০ লাখ। যাৰ এক তৃতীয়াংশ অৰ্থাৎ ৪২ লাখ বাংলাভাষী বৰাক উপত্যকাৰ।

তেওঁলোকৰ মতে স্বাধীনতাৰ পাছৰে পৰা অসম তথা বৰাকৰ শাসকীয় দলে দিছপুৰৰ বৰ্ণ হিন্দু অসমীয়াৰ উগ্ৰ জাতীয়তাবাদী মনোভাবৰ জৰিয়তে বহু বঞ্চনা আৰু বৈষম্যৰ স্বীকাৰ হৈ আহিছে। ১৯৬১ ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ চৰকাৰী প্ৰচেষ্টা য’ত বৰাক উপত্যকাৰ ১১ গৰাকী ছহিদ হৈছিল তাৰ পৰা আৰম্ভ কৰি গণহত্যা, অসম চুক্তি, ডি ভোটাৰৰ জাননী, ডিটেনশ্যন কেম্প, এন আৰ চি এই সমস্ত প্ৰক্ৰিয়া তাৰেই অংশ।

সম্প্ৰতি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ মাজেৰে অন্তিম পৰ্যায়ত উপনীত হৈছে। ৪২ লাখ বৰাকৰ জনগণৰ বাবে বিধানসভাত ১৫ খন আসনৰ পৰা ১৩ খন কৰা হৈছে। আৰু এই আসন আৱণ্টন দিয়া হৈছে জনজাতি অধ্যুষিত বড়োলেণ্ডত। হিন্দু আসন সুৰক্ষিত আৰু বৃদ্ধি কৰাৰ নামত বৰাক উপত্যকাৰ সংখ্যাগুৰু বঙালীৰ কণ্ঠক আৰু দমন কৰাৰ চক্ৰান্ত স্পষ্ট হৈছে।

এনেবোৰ কাৰণতে অসমৰ পৰা বৰাকক পৃথক কৰি আত্মনিয়ন্ত্ৰণ বিচাৰিছে সংগঠনটোৱে। তেওঁলোকৰ মতে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ এই দাবী প্ৰকাৰন্তৰে মানি লৈছে। তেওঁলোকে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰীয়ে বৰাকৰ জনতাই যদি পৃথক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে তেওঁৰ আপত্তি নাই।  

সংগঠনটোৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বৰাকৰ দুখন আসন হ্ৰাস কৰাৰ পাছতে তেওঁলোকে যি পৃথক বৰাকৰ দাবী উত্থাপন কৰিছিল সেই দাবীৰ প্ৰতি সহাৰি জনাই বৰাকৰ অধিকাংশ মানুহে ভাষিক আগ্ৰাসনৰ নাগপাশৰ পৰা মুক্ত হ'বলৈ বিচাৰিছে। সেয়েহে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্তৰত প্ৰচাৰৰ উদ্দেশ্যৰে সংগঠনটোৱে ২৭ ছেপ্টেম্বৰৰ দিনৰ ৩ বজাত কলকাতা প্ৰেছ ক্লাবত সংবাদ মেলৰ আয়োজন কৰিছে। উল্লেখ্য, এই সংগঠনটোৰ মুখ্য আহ্বায়কৰ দায়িত্বত আছে প্ৰদীপ দত্তৰয়।

কলকাতাত উত্থাপন হ'ব BDF ৰ বৰাক উপত্যকা সামৰি পৃথক পূৰ্বাঞ্চল ৰাজ্যৰ দাবী...
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ড০ চন্দন মহন্তই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in