/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/42e33cd2-f4ee-4d6c-8fab-a5f6acff23b3/144.jpg)
ডিজিটেল ডেস্ক : আজিৰে পৰা আৰম্ভ হ'ব দেশৰ অন্যতম ফুটবল লীগ আই এছ এল প্ৰতিযোগিতা। কোচিত অনুষ্ঠিত হ'ব উদ্বোধনী মেচ। ইতিমধ্যে দশম সংস্কৰণৰ আই এছ এল মহাৰণৰ বাবে সাজু হৈ উঠিছে প্ৰতিটো দল।
সমান্তৰালকৈ সাজু হৈ উঠিছে উত্তৰ-পূবৰ ঘৰুৱা দল নৰ্থ-ইষ্ট ইউনাইটেড এফ চি। খিতাপ দখলৰ লক্ষ্যৰে নৰ্থ-ইষ্ট ইউনাইটেডে ২৪ ছেপ্তেম্বৰ দেওবাৰৰ পৰা অভিযান আৰম্ভ কৰিব। এই মেচখন গুৱাহাটীৰ ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্প,সৰুসজাইত অনুষ্ঠিত হ'ব। এক কথাত ঘৰৰ মাটিত খেলিয়েই অভিযান আৰম্ভ কৰিব দলটোৱে।
উক্ত দিনা দলটোৱে মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ'ব। ইফালে ২১ ছেপ্তেম্বৰ বৃহস্পতিবাৰে কোচিত অনুষ্ঠিত হ'ব লগা উদ্ধোধনী খেলত ভাগ ল'ব কেৰালা ব্লাষ্টাৰ্ছ এফ চি বনাম বাংগালুৰু এফ চিয়ে।
Also Read: 'শিক্ষাসেতু' এপে উদঙালে ভয়ংকৰ তথ্য : বন্ধ হ'ব ৰাজ্যৰ ১১ সহস্ৰাধিক বিদ্যালয়
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us