'শিক্ষাসেতু' এপে উদঙালে ভয়ংকৰ তথ্য : বন্ধ হ'ব ৰাজ্যৰ ১১ সহস্ৰাধিক বিদ্যালয়

চৰকাৰৰ ভুল শিক্ষানীতিৰ বাবেই শীঘ্ৰেই বন্ধ হোৱাৰ পথত ৰাজ্যৰ ১১ সহস্ৰাধিক ৰাজহুৱা খণ্ড তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়

author-image
Asomiya Pratidin
New Update
'শিক্ষাসেতু' এপে উদঙালে ভয়ংকৰ তথ্য : বন্ধ হ'ব ৰাজ্যৰ ১১ সহস্ৰাধিক বিদ্যালয়

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : ৰাজ্যৰ শিক্ষাক্ষেত্ৰৰ বাবে দুঃখবৰ ! মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে শিক্ষাবিভাগ

Advertisment

চৰকাৰৰ ভুল শিক্ষানীতিৰ বাবেই শীঘ্ৰেই বন্ধ হোৱাৰ পথত ৰাজ্যৰ ১১ সহস্ৰাধিক ৰাজহুৱা খণ্ড তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়। তথ্য অনুসৰি ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানত প্ৰতিবছৰে হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা।

'শিক্ষাসেতু' এপৰ জৰিয়তে লাভ কৰা তথ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। তথ্য অনুসৰি ৰাজ্যৰ ৩১খন বিদ্যালয়ত ১জনকৈ শিক্ষাৰ্থী থকাৰ বিপৰীতে ৬৫খন বিদ্যালয়ত আছে মাত্ৰ দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰী।

আনহাতে ৰাজ্য়ৰ ১১ হাজাৰ ২শ ৭২খন বিদ্যালয়ত আছে ৩০জনতকৈ কম শিক্ষাৰ্থী। এই তথ্যৰ আধাৰতে বিভাগে বিদ্যালয়সমূহ বন্ধ কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে। যাৰ ফলত অসমত নাইকিয়া হ'ব ১১ সহস্ৰাধিক মাতৃভাষা মাধ্যমৰ বিদ্যালয়।

Also Read: পৰ্যটকক আদৰৰ বাবে ন উদ্যমেৰে সাজু কৰি তোলা হৈছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান

Education Department ranoj pegu