নৃশংস : ৮বাৰকৈ ট্ৰেক্টৰেৰে মহটিয়াই হত্যা কৰিলে ভাতৃক

নৃশংস : ৮বাৰকৈ ট্ৰেক্টৰেৰে মহটিয়াই হত্যা কৰিলে ভাতৃক

author-image
Asomiya Pratidin
New Update
নৃশংস : ৮বাৰকৈ ট্ৰেক্টৰেৰে মহটিয়াই হত্যা কৰিলে ভাতৃক

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ভৰতপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় এক নৃশংস ঘটনা। এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত হোৱা সংঘৰ্ষত বুধবাৰে এজন লোকক নিজ ভাতৃয়ে ট্ৰেক্টৰেৰে নৃশংসভাৱে ৮ বাৰকৈ মহটিয়াই হত্যা কৰে।

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি ভৰতপুৰৰ এটুকুৰা মাটিক লৈ দীৰ্ঘদিন ধৰি বাহাদুৰ সিং আৰু আটাৰ সিঙৰ পৰিয়াল মাজত বিবাদ চলি আছিল। বুধবাৰে পুৱা বাহাদুৰ সিঙৰ পৰিয়ালে এখন ট্ৰেক্টৰত উঠি বিবাদিত ভূমিত উপস্থিত হয়। তাৰ কিছুসময় পিছতে আটাৰ সিঙৰ পৰিয়ালো আহি উক্ত স্থানত উপস্থিত হয়।

তাৰ পাছতেই পৰিয়াল দুটাৰ মাজত সংঘৰ্ষ আৰম্ভ হৈ আৰু দুয়োটা পৰিয়ালেই পৰস্পৰে লাঠি-শিলেৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। এই সংঘৰ্ষৰ সময়ত যেতিয়া আটাৰ সিঙৰ এজন পুত্ৰ মাটিত পৰি যায়, তেতিয়া দামোদৰে ৮বাৰকৈ ট্ৰেক্টৰখন আটাৰ সিঙৰ পূত্ৰ নিৰ্পাতৰ ওপৰেৰে চলাই নিৰ্পাতৰ হত্যা কৰে বুলি আৰক্ষীয়ে জনায়। আনকি পৰিয়ালৰ আন সদস্যসকলে হস্তক্ষেপ কৰাৰ পিছতো দামোদৰে ট্ৰেক্টৰখন ৰখাবলৈ অস্বীকাৰ কৰি থিতাতে নিজৰ ভাতৃক নিৰ্মমভাৱে হত্যা কৰে।

এই সংঘৰ্ষত প্ৰায় ১০ জন লোক আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সোধা-পোছাৰ বাবে ৪জন লোকক আটক কৰিছে। লগতে অভিযুক্ত দামোদৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে।

উল্লেখ্য যে, এই সংঘৰ্ষৰ সময়ত গাঁৱৰ লোকে গুলীচালনাৰ শব্দ শুনা বুলিও আৰক্ষীক অৱগত কৰে।

Also Read: দৰঙৰ পৰা গুৱাহাটী অভিমুখী অমৃত কলহ

murder case