বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অঘটন, নেপালক প্ৰতিনিধিত্ব ভাৰতীয় বক্সাৰৰ

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অঘটন, নেপালক প্ৰতিনিধিত্ব ভাৰতীয় বক্সাৰৰ

ডিজিটেল ডেস্ক : ক্ৰমাগত তৃতীয়বাৰৰ বাবে ভাৰতত অনুষ্ঠিত হৈছে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ । ইতিমধ্যেই ভাৰতীয় দলে আশানুৰূপ প্ৰদৰ্শন কৰি অব্যাহত ৰাখিছে জয়ৰ ধাৰা । ২০ মাৰ্চত ৰিঙত নামিব অসম কন্যা লাভলীনাও । সকলো দিশৰ পৰাই ভাৰতীয় দলটোৰ প্ৰদৰ্শন সন্তোষজনক বৰ্তমানলৈকে । কিন্তু তাৰ মাজতেই চেম্পিয়নশ্বিপখনত ঘটিল এক অঘটন । ভাৰতীয় বক্সিং সন্থাই অভিযোগ উত্থাপন কৰিলে এগৰাকী খেলুৱৈৰ বিৰুদ্ধে । অভিযোগ অনুসৰি ছদ্মবেশত নেপালক প্ৰতিনিধিত্ব এগৰাকী ভাৰতীয় বক্সাৰৰ । ভাৰতীয় বক্সিং ফেডাৰেছনৰ অভিযোগ যে, জাতীয় দলত স্থান লাভ নকৰি ছদ্মবেশত অন্য দেশৰ হৈ খেলিবলৈ গ'ল খেলুৱৈ গৰাকীয়ে ।

উল্লেখ্য যে, নেপালৰ হৈ ৫২ কেজি শাখাত অংশগ্ৰহণ কৰিছিল অঞ্জনি তেলি নামৰ এগৰাকী খেলুৱৈয়ে । ইতিমধ্যে প্ৰথম ৰাউণ্ডত জয় লাভ কৰি দ্বিতীয় ৰাউণ্ডতো প্ৰৱেশ কৰিছে অঞ্জনিয়ে । কিন্তু তাতেই ঘটিল অঘটনটো ।

ভাৰতীয় বক্সিং সন্থাত ইতিমধ্যে পঞ্জীয়ন হৈ আছে খেলুৱৈ গৰাকীৰ । পঞ্জীয়ন নম্বৰ বি এক্স ৫০২৯ ৰ এই গৰাকী খেলুৱৈৰ প্ৰকৃত নাম হেমলতা । ২০২১ চনত দিল্লীৰ ৰাজ্যিক চেম্পিয়ন আছিল লাইট ৱেইট শাখাত । জাতীয় বক্সিঙতো একেই শাখাত অন্তিম ৮ ত উপনীত হৈছিল । কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল পূজা বিষ্ণইৰ লগত ।

প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এই গৰাকী বক্সাৰৰ বিৰুদ্ধে আন্তৰ্জাতিক বক্সিং সন্থাৰ নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই অনুসন্ধানৰ নিৰ্দেশ দিছিল সন্থাটোৱে ।

অৱশ্যে পৰৱৰ্তী সময়ত চেম্পিয়নশ্বিপত খেলাৰ অনুমতি লাভ কৰে বক্সাৰ গৰাকীয়ে । কিয়নো বৰ্তমানলৈকে ভাৰতীয় পাছপোৰ্ট নাই খেলুৱৈ গৰাকীৰ, কোনো আন্তৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়ালৈ প্ৰতিনিধিত্ব কৰা নাই দেশক । ইয়াৰ ওপৰিও নিজৰ অভিভাৱক নেপালৰ হোৱাৰ সূত্ৰে নেপালী নাগৰিকত্ব লাভ কৰিছিল ৮ বছৰ পূৰ্বেই ।

অৱশ্যে ভাৰতীয় বক্সিং ফেডাৰেছনে ইতিমধ্যে খেলুৱৈ গৰাকীৰ পূৰ্বৰ আধাৰ কাৰ্ড পৰ্যন্ত দাখিল কৰিছে আন্তৰ্জাতিক বক্সিং সন্থাক ।

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অঘটন, নেপালক প্ৰতিনিধিত্ব ভাৰতীয় বক্সাৰৰ
কুকুৰো সাৰি নগ'ল জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট যৌন কামনাৰ আতিশয্যৰ পৰা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in