কুকুৰো সাৰি নগ'ল জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট যৌন কামনাৰ আতিশয্যৰ পৰা

কুকুৰো সাৰি নগ'ল জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট যৌন কামনাৰ আতিশয্যৰ পৰা
প্ৰতীকী আলোকচিত্ৰ

ডিজিটেল ডেস্ক : মানৱ জাতিটোৰ সামগ্ৰিক উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি সততেই জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় । অৱশ্যে এই খিতাপ নিজেই নিজকে দিয়া । কিন্তু দিনে দিনে অৱক্ষয় হৈ অহা মানসিকতাৰ প্ৰতি লক্ষ্য ৰাখি এই খিতাপ যে আমাৰ বাবে নহয় সেই কথা সকলোৱে বুজি উঠিছে । ক'ৰ'বাত যদি হত্যা, ক'ৰ'বাত যৌন আতিশয্য । মুঠতে ইতিহাসৰ পাতত উল্লেখিত সকলোখিনি অপৰাধেই বাৰে বাৰে দোহাৰি আহিছে মানুহে । কোনো চেষ্টা বাদ পৰা নাই এই অৱক্ষয়ক আগুৱাই নিয়াত ।

তেনে এক ঘটনাই পুনৰ এবাৰ সংঘটিত হ'ল বিহাৰত । কিন্তু এইবাৰ অপৰাধ আৰু নিকৃষ্ট । বিকৃত যৌন মানসিকতাৰ বলি হ'ল বাটৰ কুকুৰ । এই ঘটনা সংঘটিত হৈছিল ৮ মাৰ্চ,২০২৩ ত অৰ্থাৎ হোলীত । য'ত এগৰাকী লোকৰ কামনাৰ বলি হৈছিল এটা কুকুৰ । অঞ্চলটিত থকা চি চি টিভি ফুটেজ সামাজিক মাধ্যমত বিয়পি পৰাত হে এই ঘটনা পোহৰলৈ আহে । যাৰ ওপৰতেই ভিত্তি কৰি এটি বেচৰকাৰী সংস্থাই ফুলৱাৰী আৰক্ষী চকীত এটি গোচৰ ৰুজু কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

প্ৰশ্ন হয়, এই অৱক্ষয়ৰ মূল কাৰণ কি ? এনে ধৰণৰ অপৰাধ সমূহৰ অন্তৰালত থকা কাৰণ জনাটো নিশ্চয়কৈ প্ৰয়োজনীয় হৈ পৰিছে যাতে ভৱিষ্যতলৈ এনে অপৰাধ ৰোধ কৰিব পৰা যায় । কেৱল এজন দোষীক শাস্তি দিলেই এই ঘটনাৰ অন্ত নপৰে কাহানিও । আৰক্ষী আৰু অপৰাধ হয়তো কোনো দিশত সংপৃক্ত বহু ক্ষেত্ৰত । যিদৰে সাধাৰণ ভাষাত "আইন থকালৈ অপৰাধ থাকিব" । কিন্তু এই অপৰাধৰ পৰিমাণ হ্ৰাস কৰিবলৈ নিশ্চয়কৈ সমাজ সংস্কাৰ আৰু মনোবিজ্ঞানীৰো প্ৰয়োজন হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in