/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/89042fb0-99fd-4964-ab27-a48b65054817/ap_for_web_copy.jpg)
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত ৫খনীয়া টি-২০ শৃংখলাত সমতা স্থাপন কৰি আত্মবিশ্বসী ভাৰতীয় ক্ৰিকেট দল। ঘৰুৱা দলটোৰ বিৰুদ্ধে টেষ্ট আৰু এদিনীয়া শৃংখলা দখল কৰি দেওবাৰে টি-২০ শৃংখলা দখলৰ লক্ষ্যৰে নামিব হাৰ্ডিক পাণ্ডিয়া বাহিনী।
শৃংখলাৰ তৃতীয় আৰু শনিবাৰে ব্ৰায়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থখন মেচত আলহী দল ভাৰতে জয়লাভ কৰিছিল। ইয়াৰ পূৰ্বে অনুষ্ঠিত দুখন মেচত ঘৰুৱা দলটোৱে জয়লাভ কৰি সম্প্ৰতি ২-২ৰ ব্যৱধানত সমতা স্থাপন কৰিছে।
আজিৰ এই মেচখন উভয় দলৰ বাবে গুৰুত্বপূৰ্ণ। কিয়নো যিটো দলে জয়লাভ কৰিব, সিয়েই শৃংখলা দখল কৰিব। সেয়ে ৱেষ্ট ইণ্ডিজে এই সুযোগ হেৰুৱাব নোখোজে। বিগত মেচ দুখনৰ ভুল-ক্ৰুটি পাহৰি পূৰ্ণ শক্তিৰে ভাৰতৰ মুখামুখি হ'ব।
ইফালে বিগত মেচত যশস্বী জয়ছোৱাল, শুভমন গীলৰে গঠিত ভাৰতীয় অপেনিং যুটিৰ দুৰ্দান্ত প্ৰদৰ্শনে ঘৰুৱা দলটোক চিন্তাত পেলাইছে । ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে কেৰেবিয়ান বলাৰে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে।
আনহাতে ঘৰৰ মাটিত ৱেষ্ট ইণ্ডিজক হোৱাটৱাশ্ব কৰিবলৈ সাজু ভাৰতীয় দল।
Also Read: প্ৰাক্তন ছাত্ৰৰ দাদাগিৰিঃ ৰেগিঙৰ বলি হৈ মৃত্য়ুক আঁকোৱালি ল'লে নৱাগত ছাত্ৰই